
–ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব লাচিত বৰফুকন আৰু কুশল কোঁৱৰৰ জীৱনাভিত্তিত চলচিত্র
গুৱাহাটী, ১৯ জুলাই (হি.স.)। ইংলেণ্ডৰ গ্লাছগো চহৰত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতীয় দলৰ ফ্লেগ বিয়েৰাৰ হিচাপে ভাৰতীয় অলিম্পিক সন্থা আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্রালয়ে অলিম্পিয়ান, অসমৰ গৌৰৱ লাভলিনা বৰগোঁহাইক মনোনীত কৰিছে। অসম বিজেপিৰ মুখপাত্র ব্রজেন মহন্তই লাভলিনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ লগতে কমনরেলথ গেমছত ভাৰতীয় দলত প্রতিনিধিত্ব কৰা সুদক্ষ বক্সাৰ লাভলিনাই পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে। কমনৱেলথ গেমছত ভাৰতক প্ৰলিনিধিত্ব কৰা লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱালকে ধৰি প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জনাইছে।
ক্রীড়াৰ লগতে কথাছবি জগততো অসমীয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি মুখপাত্র ব্রজেন মহন্তই উল্লেখ কৰি যদুমণি দত্তই পৰিচালনা আৰু প্রযোজনা কৰা 'জুইফুল'এ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৭২ তম ৰাষ্ট্ৰীয় ফ্লিম এৱাৰ্ড, ২০২৪ বৰ্ষৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই ছবিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ শুভেচ্ছা জনাই শতবর্ষ অতিক্ৰম কৰা অসমীয়া ছবিৰ পুনৰ সুদিন ঘূৰি আহিছে। উল্লেখযোগ্য যে, অনুচ্ছেদ ৩৭০ নামৰ ছবিখনে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ছবি সন্মান লাভ কৰিছে।
অসম বিধান সভাত যোৱা ১০ জুলাইত উত্থাপন কৰা অসম বাজেটত ২০২৬-২৭ ৰ ৰাজ্য চৰকাৰে অন্যান্য ক্ষেত্ৰৰ লগতে ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিবলৈ বহুতো বাস্তৱ সন্মত কর্মসূচী হাতত লৈছে। বীৰ লাচিত বৰফুকন আৰু স্বাধীনতা সেনানী কুশল কোঁৱৰৰ জীৱন ভিত্তিত কথাছবি নির্মাণ কৰাৰ বাবে ইতিমধ্যে বাজেট নির্ধাৰণ কৰিছে। তদুপৰি লাচিত বৰফুকনৰ ছবিখন নিৰ্মাণৰ পৰিকল্পনাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিখ্যাত চলচিত্ৰ পৰিচালক আদিত্য ধৰৰ সৈতে বিশেষ আলোচনাত মিলিত হৈছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী