
–কৃষকৰ আয় বৃদ্ধি কৰিবলৈ তামোল গছ আৰু জালুক আদিৰ দৰে সমান্তৰাল খেতি কৰাটো অতি প্ৰয়োজনীয়: মন্ত্ৰী হাজৰিকা
গোলাঘাট, ১৯ জুলাই (হি.স.)। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি কৃষি খণ্ড আৰু জলসিঞ্চন প্ৰকল্পসমূহৰ বুজ লয়।
মন্ত্ৰীগৰাকীয়ে খুমটাইৰ থুৰামুখ ভ্ৰমণ কৰে আৰু তাত প্ৰতিকূল বতৰকো নেওচি কৃষি কৰ্মত ব্যস্ত থকা কৃষকসকলৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে মন্ত্ৰীগৰাকীক অৱগত কৰে যে কেনেকৈ তেওঁলোকে বছৰত তিনিটাকৈ খেতি কৰি লাভান্বিত হৈছে আৰু কেনেকৈ তিয়ঁহ আৰু জাতি লাউৰ দৰে উদ্যান শস্যই তেওঁলোকক আটাইতকৈ বেছি লাভ দিছে। মন্ত্ৰী হাজৰিকাই কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে তামোল গছ আৰু জালুক আদিৰ দৰে সমান্তৰাল মিশ্ৰিত কৃষি পদ্ধতি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ জলসিঞ্চনৰ প্ৰয়োজনীয়তা, উৎপাদিত সামগ্ৰীৰ বজাৰ সংযোগ, শীতল ভঁৰাল আদিৰ দৰে সমস্যাসমূহৰো বুজ লয় আৰু এই সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে।
মন্ত্ৰীগৰাকীয়ে আজি বিভাগীয় বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা জলসিঞ্চন আঁচনিসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। তেওঁ ফালঙনিস্থিত এটা উত্তোলিত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে আৰু এটা বৃহৎ অঞ্চলৰ জলসিঞ্চনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি প্ৰকল্পটোক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আজিৰ ভ্ৰমণকালত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী