বিজেপিক অধিক গতিশীল, শক্তিশালী আৰু জনমুখী কৰাৰ বাবে ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা-অভিযান
গুৱাহাটী, ১৯ জুলাই (হি.স.)। শৃংখলাবদ্ধ কার্যপদ্ধতি, সুস্পষ্ট আদর্শ আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি অটল দায়বদ্ধতা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ মূল আধাৰ। জন্মলগ্নৰে পৰা দলটোৱে ''এক ভাৰত, শ্রেষ্ঠ ভাৰত''ৰ সংকল্পক সাৰোগত কৰি সাংস্কৃতিক ৰাষ্ট্ৰবাদ,
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১৯ জুলাই (হি.স.)। শৃংখলাবদ্ধ কার্যপদ্ধতি, সুস্পষ্ট আদর্শ আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি অটল দায়বদ্ধতা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ মূল আধাৰ। জন্মলগ্নৰে পৰা দলটোৱে 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ সংকল্পক সাৰোগত কৰি সাংস্কৃতিক ৰাষ্ট্ৰবাদ, পঞ্চনিষ্ঠা আৰু একাত্ম মানৱ দৰ্শনৰ নীতিক আধাৰ কৰি দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ মাজত আস্থা আৰু বিশ্বাস সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে সংগতি ৰাখি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ উদ্যোগত চলি থকা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা-অভিযান'ৰ অধীনত ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাত প্রশিক্ষণ বৰ্গসমূহ সফলতাৰে অনুষ্ঠিত হৈ আছে।

যোৱা ৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্রশিক্ষণ কাৰ্যসূচীৰ বৰ্তমানলৈ ২৭ খন সাংগঠনিক জিলাত সফলতাৰে সমাপ্ত হৈছে।আবাসিকভাবে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্রশিক্ষণ বৰ্গত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে বিধায়ক, সাংসদ আৰু ৰাজ্যিক বিষয়ববীয়া সকলে প্রশিক্ষণ দিয়াৰ লগতে নিজ নিজ জিলাত এগৰাকী প্রশিক্ষণার্থী হিচাপেও প্রশিক্ষণ লয় বুলি দলৰ মুখপাত্র প্রাঞ্জল কলিতাই জানিবলৈ দিয়ে। এই প্রশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে দলীয় কার্যকর্তাসকলক সংগঠনৰ ইতিহাস, আদর্শ, কার্যপদ্ধতি আৰু সাংগঠনিক দায়িত্বসমূহৰ বিষয়ে অধিক সুসংহত আৰু বিস্তৃত জ্ঞানেৰে প্রশিক্ষিত কৰা। প্রশিক্ষকসকলে কাৰ্যকৰ্তাসকলক দলৰ বিভিন্ন সাংগঠনিক কাৰ্যসূচী, নীতি-আদর্শ, অনুশাসন ব্যৱস্থা আৰু কার্যপদ্ধতি সম্পর্কে বিস্তৃতভাবে অৱগত কৰাৰ লগতে সংগঠন অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত কাৰ্যকৰ্তাসকলৰ দায়িত্ব আৰু কৰণীয় বিষয়সমূহৰ ওপৰত বিশদ আলোচনা আগবঢ়ায়।

উল্লেখযোগ্য যে জিলা বিষয়ববীয়া আৰু জিলা কার্যনির্বাহক সদস্য, জিলা মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল, মণ্ডল সভাপতি আৰু মণ্ডল সাধাৰণ সম্পাদকসকল, মণ্ডল প্রভাৰি সকল (জিলাৰ পৰা দায়িত্বপ্রাপ্ত), জিলাৰ অন্তৰ্গত ৰাজ্যিক কোষ আৰু বিভাগসমূহৰ আহ্বায়ক আৰু সহ আহ্বায়কসকল, জিলাৰ অন্তর্গত সন্মানীয় বিধায়কসকল লগতে প্রাক্তন বিধায়কসকল, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ, উপাধ্যক্ষ, এম এ চি, এম টি এস এ সকল, পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিসকল, জিলাৰ অন্তৰ্গত ৰাজ্যিক মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিষয়ববীয়াসকল, দলত নতুনকৈ যোগদান কৰা জিলা স্তৰৰ নিৰ্বাচিত ১০ জন কার্যকর্তা, ৰাজ্যিক কার্যনির্বাহক সদস্য/আমন্ত্রিত সদস্যসকল, ৰাজ্যিক পৰিষদৰ সদস্য/ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল, স্বায়ত্ব শসিত পৰিষদ/উন্নয়ন পৰিসদৰ জি এম/ই এম/চিইএম সকল সমন্বিতে বর্তমানলৈ ৪০০০ তকৈ অধিক জিলা তথা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰ্তাই এই প্রশিক্ষণ বর্গত অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, সম্পূর্ণ হোৱা প্রশিক্ষণ বর্গসমূহত আয়োজন কৰা বিশেষ প্রদর্শনীৰ জৰিয়তে দলৰ ইতিহাস, আদর্শ, সাংগঠনিক বিকাশ আৰু চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহ অধিক ফলপ্রসূভাবে উপস্থাপন কৰা হৈছে। ভাৰতীয় জনতা পার্টিয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে এই প্রশিক্ষণে সংগঠনৰ ভেটি অধিক সুদৃঢ় কৰাৰ লগতে আগন্তুক দিনত দলক অধিক গতিশীল, শক্তিশালী আৰু জনমুখী ৰূপত আগুৱাই নিয়াত সহায়ক হ'ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande