পাকিস্তানত বাঞ্ছিত সন্ত্ৰাসবাদী খালিদ ওৰফে কমাণ্ডাৰ নিহত
ইছলামাবাদ, ১8 জুলাই (হি.স.)। পাকিস্তানৰ প্ৰাদেশিক আৰক্ষী বাহিনীৰ প্ৰধান চোৰাংচোৱা আৰু সন্ত্ৰাসবাদ বিৰোধী শাখা কাউণ্টাৰ টেৰৰিজম বিভাগে (চিটিডি) খাইবাৰ পখতুনখোৱা প্ৰদেশত হোৱা এক এনকাউণ্টাৰত বিচৰা সন্ত্ৰাসবাদী খালিদ ওৰফে কমাণ্ডাৰক হত্যা কৰে। বিষয়াসক
8d569333abbc9e26646dc6a398891324_1865007933.jpg


ইছলামাবাদ, ১8 জুলাই (হি.স.)। পাকিস্তানৰ প্ৰাদেশিক আৰক্ষী বাহিনীৰ প্ৰধান চোৰাংচোৱা আৰু সন্ত্ৰাসবাদ বিৰোধী শাখা কাউণ্টাৰ টেৰৰিজম বিভাগে (চিটিডি) খাইবাৰ পখতুনখোৱা প্ৰদেশত হোৱা এক এনকাউণ্টাৰত বিচৰা সন্ত্ৰাসবাদী খালিদ ওৰফে কমাণ্ডাৰক হত্যা কৰে। বিষয়াসকলৰ মতে, ডেৰা ইছমাইল খান অঞ্চলত চিটিডিয়ে এই সফলতা লাভ কৰে।

দুনিয়া নিউজৰ এক বাতৰি অনুসৰি চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি সন্ত্ৰাসবাদী খালিদ ওৰফে কমাণ্ডাৰক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলোৱা হয়। তেওঁক আত্মসমৰ্পণ কৰিবলৈ আবেদন জনোৱা হৈছিল যদিও তেওঁ অনুৰোধক আওকাণ কৰি গুলীচালনা কৰে । প্ৰতিশোধমূলক গুলীত নিহত হয় নিৰাপত্তাৰক্ষীয়ে। কনিষ্টবল মহম্মদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল তেওঁ। বিষয়াসকলে জনোৱা মতে, তেওঁ টিটিপি জাকিৰ কোচি কাৰাভান গোটৰ সৈতে জড়িত। তেওঁৰ পৰা এটা ৯ এম এম পিষ্টল, এটা হেণ্ড গ্ৰেনেড, আৰু এটা স্মাৰ্টফোন উদ্ধাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে খাইবাৰ পখতুনখোৱাৰ বান্নুত ২৭ জন বিদ্ৰোহী নিহত হোৱাৰ খবৰ পোৱা গৈছিল । শুকুৰবাৰে বিয়লি পাকিস্তানী সেনাৰ জনসংযোগ শাখা আন্তঃসেৱা জনসংযোগ শাখাই প্ৰকাশ কৰা এক বিবৃতিত কয় যে বিগত ২৪ ঘন্টাত খাইবাৰ পখতুনখোৱাৰ বান্নু জিলা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত ২৪টা বিদ্ৰোহী নিহত হৈছে। খাইবাৰ পখতুনখোৱাত বুধবাৰে সংঘটিত হয় দুটাকৈ আক্ৰমণ। ল’ৱাৰ ডিৰত এটা আৰক্ষী কনভয়ক লক্ষ্য কৰি লোৱা হয়। দ্বিতীয়টো আক্ৰমণ বান্নু জিলাৰ মিৰিয়ান থানাত সংঘটিত হয়। শেহতীয়াকৈ বান্নুত আৰক্ষীৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু আত্মঘাতী বোমা বিস্ফোৰণ বৃদ্ধি পাইছে বুলি আইএছপিআৰে প্ৰকাশ কৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande