
বহু প্ৰত্যাশিত ছবি পাৰ্টিচন ১৯৪৭ৰ নতুন টিজাৰ মুকলি কৰা হৈছে, যাৰ অভিনয়ত ছানী দেউলে অভিনয় কৰিছে। মোচন পোষ্টাৰ আৰু চৰিত্ৰৰ পোষ্টাৰৰ পিছত এই নতুন টিজাৰে ছবিখনৰ বাবে দৰ্শকৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। ভাৰত বিভাজনৰ পটভূমিত সাহস, ত্যাগ, আৰু নিজৰ পৰিয়ালক ৰক্ষাৰ সংগ্ৰামৰ কাহিনী চিত্ৰিত কৰা হৈছে টিজাৰত।
নতুন টিজাৰটোত ছানি দেউলক নিৰ্ভীক চৰিত্ৰ হিচাপে দেখা গৈছে যিয়ে নিজৰ পৰিয়ালক সুৰক্ষা দিবলৈ দৃঢ়তাৰে থিয় দিছে, প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিভাজন যুগৰ হিংসা, যন্ত্ৰণা আৰু মানৱ সংগ্ৰামক চিত্ৰিত কৰা দৃশ্যৰ মাজত তেওঁৰ শক্তিশালী একচন আৰু আৱেগিক শৈলীয়ে ছবিখনৰ কেন্দ্ৰীয় কাহিনীভাগৰ আভাস দিয়ে। এই টিজাৰটোৱে ইতিহাসৰ এনে এটা সময়কো উজ্জ্বল কৰি তুলিছে যিয়ে লাখ লাখ লোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল।
ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত শ্বাবানা আজমী, প্ৰীতি জিন্তা, কৰণ দেউল, আলী ফজল, অভিমন্যু সিঙৰ সৈতে ছানী দেউলে অভিনয় কৰিছে। প্ৰায় তিনিটা দশকৰ পাছত পুনৰ একত্ৰিত হৈছে ৰাজকুমাৰ সন্তোষী আৰু ছানী দেওলৰ যুটি। আমিৰ খান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সংগীত সুৰ কৰিছে এ.আৰ. ৰহমান, গীতৰ কথাৰে জাভেদ আখতাৰ। ২০২৬ চনৰ ১৪ আগষ্টত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব ‘পাৰ্টিচন ১৯৪৭’।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ