শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই বন্ধু, পুখুৰীৰ পানীত উদ্ধাৰ মটৰচাইকেল সহ মৃতদেহ
শোণিতপুৰ, ১৪ জুলাই (হি.স.)। তেজপুৰ নিজ হলেশ্বৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত আজি দুজন যুৱকৰ মৃত্যু হয় । নিজ হলেশ্বৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দুৰ্ঘটনাত পতিত হৈ পুখুৰীৰ পানীত সুমাই পৰে দুজন যুৱক। যুৱক দুজনে মটৰচাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত
শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই বন্ধু  পুখুৰীৰ পানীত উদ্ধাৰ মটৰচাইকেল সহ মৃতদেহ


শোণিতপুৰ, ১৪ জুলাই (হি.স.)। তেজপুৰ নিজ হলেশ্বৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত আজি দুজন যুৱকৰ মৃত্যু হয় । নিজ হলেশ্বৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দুৰ্ঘটনাত পতিত হৈ পুখুৰীৰ পানীত সুমাই পৰে দুজন যুৱক। যুৱক দুজনে মটৰচাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰি যোৱাৰ সন্দেহ কৰা হৈছে । যুৱক দুজনক তেজপুৰ বৰুৱা চুবুৰীৰ পলক গগৈ আৰু তপন দাস বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰামতে, কালি পলক গগৈৰ জন্মদিন আছিল । দুই বন্ধুৱে জন্মদিনৰ পাৰ্টি খাই নিশা প্ৰায় ১২ বজাত ঘৰৰ পৰা মটৰ চাইকেলেৰে গৰৈমাৰী দিশে ফুৰিবলৈ ওলাই গৈচিল আৰু তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল দুয়োজন যুৱক । আৰু আজি হলেশ্বৰত এটা পুখুৰীৰ পানীত ওপঙি থকা অবস্থাত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা এএছ ১২ এজে ২৬৪৬ নম্বৰৰ মটৰ চাইকেলখনো উদ্ধাৰ কৰা হৈছে পুখুৰীত।

উল্লেখযোগ্য,পলক গগৈ দৰং মহাবিদ্যালয়ৰ আন্তঃক্ৰীড়া বিভাগৰ সম্পাদক আছিল আৰু তপন দাস আছিল এজন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী।নিশা সংঘটিত দুৰ্ঘটনাতোৰ কোনো প্রত্যক্ষদৰ্শী নথকাত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই যদিও দুজন চফল ডেকাৰ এনে অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande