(আপডেট) পদ্মশ্ৰী গীতা উপাধ্যায়ৰ বুধবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য, পুৱাৰ পৰা নিশালৈ বাসগৃহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ লোক-অনুষ্ঠানৰ অন্তিম শ্ৰদ্ধাঞ্জলি
শোণিতপুৰ, ১৪ জুলাই, (হি.স.)। সৃষ্টিশীলতা আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চাৰে অসমত সমন্বয়ৰ ভেটি সুদৃঢ় কৰোঁতা দুবাৰকৈ সাহিত্য অকাডেমি বঁটাৰ লগতে ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ অসামৰিক সন্মান পদ্মশ্ৰীৰ উপৰি শ
ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰ দেহ


শোণিতপুৰ, ১৪ জুলাই, (হি.স.)। সৃষ্টিশীলতা আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চাৰে অসমত সমন্বয়ৰ ভেটি সুদৃঢ় কৰোঁতা দুবাৰকৈ সাহিত্য অকাডেমি বঁটাৰ লগতে ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ অসামৰিক সন্মান পদ্মশ্ৰীৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটাৰে বিভূষিত হোৱা গীতা উপাধ্যায়ৰ পৰলোকপ্ৰাপ্তিৰ বতৰা পোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে । যোৱা কালি সোমবাৰে নিশা ৯ -১৫ বজাত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটা বৰেণ্য শিক্ষাবিদ তথা সাহিত্যিক গৰাকীৰ আত্মীয় স্বজনৰ একাংশ ৰাজ্যৰ বাহিৰত থকাৰ আজি নিশাহে আহি তেজপুৰৰ বাসগৃহ আহি পাব লগা পৰিস্থিতিৰ বাবে কাইলৈ পুৱাহে তেজপুৰৰ পৰোৱাৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হ'ব বিদূষী গৰাকীৰ নশ্বৰ দেহ ।

আনহাতে তেজপুৰ চানমাৰীৰ বাসগৃহত এটি শীত তাপ নিয়ন্ত্ৰিত বিশেষ ব্যৱস্থাৰে নশ্বৰ দেহ ৰখাৰ পিছত আজি পুৱাৰে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠানৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আজি পুৱাই বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰয়াত গীতা উপাধ্যায়ৰ কনিষ্ঠ ভাতৃ প্ৰাক্তন সাংসদ স্বৰূপ উপাধ্যায়ৰ লগতে পৰিয়ালৰ আন সদস্য সকলক সমবেদনা জ্ঞাপন কৰি ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰাৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক অৱগত কৰে ।

আনহাতে আজি পুৱাই বাণ থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক পংকজ বৰুৱা, গ্ৰন্থাগাৰিক ভূপেন বৰুৱা, কিশোৰ শৰ্মা, জিন্টু বৰঠাকুৰে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসমীয়া ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা, সম্পাদক ভূপেন শৰ্মা ,প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি দ্বীজেন নাথ, সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য , শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া ,শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা, সাহিত্য অকাডেমি বঁটা প্ৰাপক লেখক চন্দ্ৰমণি উপাধ্যায় ,জ্ঞান বাহাদুৰ ছেত্ৰী ,তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা ,বিশিষ্ট বামপন্থী নেতা ৰুবুল শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী স্বপ্না বনীয়া , শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী দিপামণি শইকীয়া , বিজেপি অসম ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য অভিজিৎ কলিতা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আদি বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

উল্লেখ্য যে , ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত গাংমৌথান বিহালীত জন্ম গ্ৰহণ কৰা পৰৱৰ্তী সময়ত তেজপুৰৰ চানমাৰীত নিগাজীকৈ থাকিবলৈ লোৱা গীতা উপাধ্যায়ে ১৯৬৪ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি শিবসাগৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপকৰ পৰা অৱসৰৰ পিছত তেজপুৰৰ চান্দমাৰীত বসবাস কৰিবলৈ লৈছিল । ২০১১ চনত শিৱসাগৰ মহাবিদ্যালয়ত “সাহিত্য সুৱাসিত“ বঁটা লাভ কৰাৰ লগতে ২০০৭ অসম লেখিকা সংস্থাৰ প্ৰবীনা শইকীয়া অনুবাদ বঁটা লাভ কৰা বিদূষী গৰাকীয়ে ৭০ ৰ দশকতে এন ফ্ৰাংকৰ ডায়েৰী নেপালী আৰু অসমীয়া ভাষালৈ অনুবাদ কৰি কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ।

আনহাতে ২০১২ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক কাৰেঙৰ লিগিৰী, দৰবাৰ কে চুচাৰো নামেৰে নেপালী ভাষালৈ অনুবাদ কৰি সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্যৰ বঁটা লাভ কৰাৰ লগতে নিজৰ ককাদেউতাক বৰেণ্য স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱন -দৰ্শনৰ ওপৰত ৰচনা কৰা উপন্যাস জন্মভূমি মেৰ' স্বদেশ ৰ বাবে পুনৰ ২০১৬ বৰ্ষত সাহিত্য অকাডেমিৰ মূল বঁটা লাভ কৰাৰ পিছত ২০২৫ চনত পদ্মশ্ৰী বঁটা লাভ কৰি সমগ্ৰ শোণিতপুৰৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। অবিবাহিত,স্বল্পভাষী , সাদৰী, মানৱতাবাদী উপাধ্যায়ে ১৯৮৭ চনত নেপালী ভাষাৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ পিছত অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছিল । আনহাতে এগৰাকী শিশু সাহিত্যিক হিচাবেও নিজৰ দক্ষতা প্ৰতিপন্ন কৰি মা মই ফাৰ্ষ্ট হ'লো শীৰ্ষক এখন শিশু গ্ৰন্থ ৰচনা কৰি অসমীয়া আৰু নেপালী দুয়োটা ভাষাতে প্ৰকাশ কৰি উলিয়াইছিল ।

এগৰাকী দক্ষ সংগঠক হিচাপেও পৰিচিত প্ৰয়াত উপাধ্যায় সদৌ অসম লেখিকা সন্হা ,অসম নেপালী সাহিত্য পৰিষদ আৰু অসম গোৰ্খা পৰিষদৰ অধ্যক্ষৰ আসনত অলংকৃত হৈছিল । তেওঁৰ একাংশ প্ৰকাশিত গ্ৰন্থ হ'ল -এন ফ্ৰাংকৰ ডায়েৰী, সুবাসিত বতাহ(গল্প সংকলন-২০০৪), ভূমিপুত্ৰ(২০০৮), চিলাৰ দৰে উৰে মন (শিশু সাহিত্য), মহাপুৰুষ শংকৰদেৱ(২০০৩), ৰাজদৰবাৰী সুসাৰে (নেপালীত),এন ফ্ৰাংকৰ বাল্যকাল(২০০৮), মা মই ফাষ্ট হ’লোঁ(শিশু গ্ৰন্থ), ক’লা সূৰুজ(১৯৯৮), মুনা মদন(১৯৯৮), মোৰ আত্ম কথা আৰু জনমভূমি মোৰ স্বদেশ (অসমীয় আৰু নেপালীত)।উল্লেখ্য যে বাতৰি লিখা পৰলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande