
ছিউল, ২৬ জুন (হি.স.)। দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পত্নী কিম কেয়ন-হিক চৰকাৰী নিযুক্তি আৰু অন্যান্য কাম-কাজৰ বিনিময়ত ব্যয়বহুল উপহাৰ গ্ৰহণ কৰাৰ অপৰাধত শুকুৰবাৰে ৭ বছৰৰ কাৰাদণ্ড বিহা হয়।
দক্ষিণ কোৰিয়াৰ ৰাজ্যিক সংবাদ সংস্থা য়নহাপৰ মতে, ছিউলৰ কেন্দ্ৰীয় জিলা আদালতে তেওঁক ঘোচৰ আইন অনুসৰি দোষী সাব্যস্ত কৰে।
ক্ষমতাচ্য়ুত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-য়েলৰ পত্নী কিম। এই গোচৰৰ তদন্ত চলাই থকা বিশেষ অধিবক্তা মিন জং-কীৰ দলটোৱে তেওঁক সাড়ে সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি দিবলৈ আদালতক জনাইছিল ।
বিচাৰ বিভাগৰ মতে, ২০২২ চনৰ মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত কিমে এটা নিৰ্মাণ কোম্পানী এটাৰ অধ্যক্ষৰ পৰা ১০ কোটি ৱনতকৈ অধিক (প্ৰায় ৬১.৩৬ লাখ ₹) মূল্যৰ দামী উপহাৰ গ্ৰহণ কৰিছিল।ইয়াৰ ভিতৰত আছিল এটা দামী ভ্যান ক্লিফ এণ্ড আৰ্পেলছৰ হাৰ। অভিযোগ অনুসৰি ইয়াৰ বিনিময়ত চৰকাৰী নিযুক্তিৰ বাবে পৰামৰ্শ বিচৰা হৈছিল।
তদন্তত এই কথাও পোহৰলৈ আহিছে যে ২০২২ চনৰ এপ্ৰিল মাহত কিমে চৰকাৰী পদৰ বিনিময়ত ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ প্ৰাক্তন মুৰব্বী লি বেই-য়ঙৰ পৰা সোণৰ কাছ আকৃতিৰ অলংকাৰ গ্ৰহণ কৰিছিল । ২০২২ চনৰ ছেপ্টেম্বৰ মাহত এজন উদ্যোগীৰ পৰা ভেচেৰন কনষ্টেণ্টিন ঘড়ী আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত এজন প্ৰাক্তন অভিযুক্তৰ পৰা প্ৰখ্যাত শিল্পী লি উফানৰ এখন ছবি গ্ৰহণ কৰাৰ অভিযোগো উত্থাপন হৈছে ।
বিশেষ অভিযুক্তৰ দলটোৱে লগতে অভিযোগ কৰে যে ২০২২ চনত কিমে এজন পাদুৰীৰ পৰা ৫৪ লাখ ৱনৰ মূল্যৰ ডিঅ’ৰ হেণ্ডবেগ গ্ৰহণ কৰিছিল । এই লেনদেনে পিছৰ বছৰত ৰাজহুৱা হোৱাৰ পিছত দক্ষিণ কোৰিয়াত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰে।
আদালতত বিচাৰ বিভাগে কয় যে কিমে ৰাষ্ট্ৰপতিৰ পত্নী হিচাপে নিজৰ পদবী আৰু প্ৰভাৱ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল আৰু প্ৰভাৱৰ বিনিময়ত ব্যয়বহুল উপহাৰ গ্ৰহণ কৰিছিল।
মন কৰিবলগীয়া যে যোৱা মাহত আপীল আদালতেও কিম কেয়ন-হীক পৃথক দুৰ্নীতিৰ গোচৰত চাৰি বছৰৰ কাৰাদণ্ড বিহে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ