
বেইজিং, ২৬ জুন (হি.স.)। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শুকুৰবাৰে কয় যে চীনে বাংলাদেশৰ নতুন চৰকাৰক সমৰ্থন কৰে আৰু দুয়োখন দেশৰ মাজত উচ্চমানৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) সহযোগিতা আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়া আৰু অন্যান্য সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেইজিঙত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ সৈতে হোৱা বৈঠকত ছি জিনপিঙে কয় যে চীনে বাংলাদেশৰ সৈতে দীৰ্ঘম্যাদী আৰু কৌশলগত সহযোগিতাৰ বাবে এক বিস্তৃত ৰোডমেপ তৈয়াৰ কৰিব বিচাৰে। তেওঁ সেউজ আৰু কম কাৰ্বনযুক্ত উন্নয়ন, ডিজিটেল অৰ্থনীতি, তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা (এআই), আৰু অন্যান্য উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতাৰ সম্ভাৱনা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শুকুৰবাৰে পুৱা ইয়াত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে। তেওঁৰ পত্নী জুবাইদা ৰহমান আৰু দুয়োখন দেশৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে। চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙৰ আমন্ত্ৰণত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত চীনত উপস্থিত হৈছে ৰহমান।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বেইজিঙৰ গ্ৰেট হল অৱ দ্য পিপলত প্ৰধানমন্ত্ৰী তাৰিক ৰহমান আৰু চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ১৩খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ পিছতে লি কেকিয়াঙে বাংলাদেশী প্ৰতিনিধি দলটোৰ সন্মানত এক ভোজৰ আয়োজন কৰে।
এই ভ্ৰমণৰ সময়ত বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (বিএনপি) আৰু চীনৰ কমিউনিষ্ট পাৰ্টি (চিপিচি)ৰ মাজতো দলীয় পৰ্যায়ৰ সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰিও চীনৰ জলসম্পদ মন্ত্ৰী লি গুয়িঙেও প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ সৈতে সাক্ষাৎ কৰে।
তাৰিক ৰহমানে বাংলাদেশ বিনিয়োগ কৰক অনুষ্ঠানত ভাষণ দি চীনৰ বিনিয়োগকাৰীসকলক বাংলাদেশত বিনিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰে। চীন কাউন্সিল ফৰ দ্য প্ৰমোচন অৱ ইণ্টাৰনেশ্যনেল ট্ৰেড (চিচিপিআইটি) আৰু বাংলাদেশ বিনিয়োগ উন্নয়ন কৰ্তৃপক্ষই (বিডা) যৌথভাৱে আয়োজন কৰা এই অনুষ্ঠানটো।
চীন ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চীন আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সহযোগিতা সংস্থা, চীন ৰে’লৱে নিৰ্মাণ নিগম, চীন পথ আৰু দলং নিগমকে ধৰি কেইবাটাও ডাঙৰ ঔদ্যোগিক গোট আৰু বিনিয়োগকাৰীৰ প্ৰতিনিধিৰ সৈতেও সাক্ষাৎ কৰে। বৈঠকত বিনিয়োগ, বাণিজ্য, আৰু বাংলাদেশৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ডালিয়ানত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ (ডব্লিউ ই এফ) নিউ চেম্পিয়নৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিছিল, যাক গ্ৰীষ্মকালীন ডাভোছ বুলিও কোৱা হয়। সন্মিলনৰ সময়ত তেওঁ বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু WEFৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইও)ৰ সৈতে সাক্ষাৎ কৰে। তেওঁ অংশগ্ৰহণকাৰীসকলক জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ নতুন বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।
শুকুৰবাৰে সন্ধিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰাওনা হ’ব নিজৰ দেশলৈ। --------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ