ভেনিজুৱেলা ভূমিকম্প: ভাৰতে সাহায্য বৃদ্ধি, ‘অপাৰেচন অমিস্তাদ’ৰ অধীনত সাহায্য সামগ্ৰীসহ দুখন বায়ুসেনাৰ বিমান যাত্ৰা
নতুন দিল্লী, ২৬ জুন (হি.স.)। শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতে এই সংকটৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। ‘অপাৰেচন অমিস্তাদ’ৰ অধীনত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী আৰু চিকিৎসা স
भारतीय विमान राहत सामग्री लेकर रवाना हुआ


নতুন দিল্লী, ২৬ জুন (হি.স.)। শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতে এই সংকটৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। ‘অপাৰেচন অমিস্তাদ’ৰ অধীনত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী আৰু চিকিৎসা সঁজুলি লৈ শুকুৰবাৰে ভাৰতীয় বায়ুসেনাৰ দুখন বিমানে ভেনিজুৱেলালৈ ৰাওনা হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বিষয়ে বিতংভাৱে প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে এই মানৱীয় সাহায্য অভিযানৰ অংশ হিচাপে ভাৰতে বৃহৎ পৰিমাণৰ চিকিৎসা আৰু দুৰ্যোগ ব্যৱস্থাপনা সঁজুলি প্ৰেৰণ কৰিছে। তেওঁ কয় যে সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ক্ষেত্ৰ চিকিৎসালয় ইউনিট, ৩৫ টনতকৈ অধিক সাহায্য সামগ্ৰী, আৰু দুটা ‘ভীষ্ম কিউব’, যিবোৰ দুৰ্যোগ প্ৰভাৱিত অঞ্চলসমূহত তাৎক্ষণিক চিকিৎসা সাহায্য আৰু সাহায্য অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব।

ড০ জয়শংকৰে উল্লেখ কৰে যে এই কঠিন সময়ত ভাৰতে ভেনিজুৱেলা চৰকাৰ আৰু ইয়াৰ নাগৰিকসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ উল্লেখ কৰে যে ভাৰতে সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰয়োজন অনুসৰি সহযোগিতা আগবঢ়াই যাব।

মন কৰিবলগীয়া যে শেহতীয়াকৈ কাৰাকাছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৭.৫ আৰু ৭.২ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। প্ৰাথমিক খবৰ অনুসৰি ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে, এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বৃহৎ সংখ্যক অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে, আনহাতে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande