আগন্তুক পালছ পলিঅ’ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ দ্বিতীয় বৈঠক অনুষ্ঠিত
শোণিতপুৰ, ২৬ জুন (হি.স.)। আগন্তুক পালছ পলিঅ’ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (National Immunization Day - NID) উপলক্ষে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক আজি তেজপুৰস্থিত শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠ
আগন্তুক পালছ পলিঅ’ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ দ্বিতীয় বৈঠক অনুষ্ঠিত


শোণিতপুৰ, ২৬ জুন (হি.স.)। আগন্তুক পালছ পলিঅ’ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (National Immunization Day - NID) উপলক্ষে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক আজি তেজপুৰস্থিত শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) শ্ৰী কুলদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা প্ৰতিষেধক বিষয়া ডাঃ টুটুমনি সন্দিকৈ, এছডিএম এণ্ড এইচ অ’, জিলাখনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)-ৰ জিলা কাৰ্যসূচী প্ৰবন্ধক, জিলা মিডিয়া বিশেষজ্ঞ, খণ্ড কাৰ্যসূচী প্ৰবন্ধকসকল আৰু অন্যান্য স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে অহা ২৮ জুনৰ পৰা ৩০ জুন, ২০২৬লৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে।

সভাত জনোৱা হয় যে, ০-ৰ পৰা ৫ বছৰ বয়সৰ সকলো যোগ্য শিশুক সামৰি লোৱাৰ লক্ষ্যৰে সমগ্ৰ শোণিতপুৰ জিলাত মুঠ ৮৮৬টা পালছ পলিঅ’ টিকাকৰণ বুথ স্থাপন কৰা হৈছে, ইয়াৰ ভিতৰত ৩০টা ট্ৰেনজিট টিকাকৰণ বুথ । ইয়াৰ উপৰিও দুৰ্গম অঞ্চলসমূহ সামৰি ল’বলৈ ৫৫টা ভ্ৰাম্যমাণ টিকাকৰণ দল নিয়োগ কৰা হ’ব। ২৮ জুন, ২০২৬ তাৰিখে বুথভিত্তিক টিকাকৰণৰ জৰিয়তে তিনিদিনীয়া অভিযান আৰম্ভ হ’ব। ইয়াৰ পিছত ২৯ আৰু ৩০ জুন তাৰিখে ঘৰে ঘৰে গৈ বুথৰ দিনা টিকাকৰণৰ পৰা বাদ পৰা শিশুসকলক টিকাকৰণ কৰা হ’ব যাতে কোনো যোগ্য শিশু বাদ পৰি নাযায়। তিনিদিনীয়া এই অভিযানকালত ট্ৰেনজিট টিকাকৰণ কাৰ্যসূচীও অব্যাহত থাকিব আৰু এই অভিযানত সকলো অংগনবাড়ী কৰ্মী (AWW) আৰু আশা কৰ্মীয়ে অংশগ্ৰহণ কৰিব। জিলাখনত পাঁচ বছৰৰ তলৰ ১,৪৯,০৪৫ শিশুক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু অভিযানৰ সময়ত প্ৰতিগৰাকী শিশুক মৌখিক পলিঅ’ প্ৰতিষেধক (OPV) প্ৰদান কৰা হ’ব। বৈঠকত লগতে জনোৱা হয় যে ৰাজ্যিক পৰ্যবেক্ষক ডাঃ অনুৰাধা বৰঠাকুৰে শোণিতপুৰ জিলাৰ পালছ পলিঅ’ কাৰ্যসূচীৰ ৰূপায়ণ পৰ্যবেক্ষণ কৰিব।

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সকলো অভিভাৱকক অহা ২৮ জুন তাৰিখে নিকতৱৰ্তী পালছ পলিঅ’ টিকাকৰণ বুথলৈ পাঁচ বছৰৰ তলৰ প্ৰতিগৰাকী শিশুক লৈ আহি প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাইছে, যাতে প্ৰতিটো যোগ্য শিশুৱে পালছ পলিঅ’ প্ৰতিষেধক লাভ কৰি পলিঅ’মুক্ত ভাৰত গঢ়াৰ লক্ষ্যত অংশীদাৰ হ’ব পাৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande