তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ ৪ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ
শোণিতপুৰ, ২৬ জুন (হি.স.)। তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীলৈ ৪ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লাগামহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শুকুৰবাৰে নিখিল ভাৰত গণতান্ত্ৰি
তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ ৪ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ


শোণিতপুৰ, ২৬ জুন (হি.স.)। তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীলৈ ৪ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লাগামহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শুকুৰবাৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ শোণিতপুৰ জিলা কমিটিয়ে তেজপুৰ নগৰত প্ৰতিবাদী সমদল কৰি শোণিতপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সমিতিৰ শতাধিক সদস্যই বেনাৰ, প্লেকাৰ্ড লৈ চহৰৰ মাজেৰে সমদল কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্ল’গানেৰেউত্তাল কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বাৰে বাৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে সাধাৰণ মানুহক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা কৰিছে আৰু ইয়াৰ ফলত গাড়ী ভাড়াও বৃদ্ধি পাইছে। আৰু উল্লেখ কৰা হয় যে যুদ্ধৰ পৰিস্থিতিৰ দোহাই দি ৰন্ধন গেছৰ দাম বৃদ্ধি কৰাৰ লগতে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা হৈছে। ৰন্ধন গেছৰ বাবে এগৰাকী মহিলাই ২-৩ ঘণ্টা শাৰী পাতিব লগা হৈছে। এই সুযোগতে ব্যৱসায়ীয়ে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম ব্যাপক হাৰত বৃদ্ধি কৰিছে।

আনহাতে জীৱনদায়িনী ঔষধৰ দাম ২৮ শতাংশ বৃদ্ধি পোৱাত সাধাৰণ মানুহ জীয়াই থকাটো কঠিন হৈ পৰিছে। এই পৰিস্থিতিয়ে পাকঘৰলৈ হাহাকাৰ নমাই অনাত মহিলাসকলে অধিক যন্ত্ৰণা ভুগিব লগা হৈছে। প্ৰতিবাদী কাৰ্যসূচীত জিলা সভানেত্ৰী আৰু সম্পাদিকাই বক্তব্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বাবেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা বুলি সমালোচনা কৰে।

স্মাৰক পত্ৰৰ ৪ দফীয়া দাবী: ১. পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰক ২. নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধ কৰক ৩. ৰন্ধন গেছৰ দাম কমাওক আৰু কৃত্ৰিম নাটনি বন্ধ কৰক ৪. ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰক আৰু জীৱনদায়িনী ঔষধৰ ক'লা বজাৰ নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande