
নতুন দিল্লী, ২২ মে’ (হি.স.)। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গুৱাহাটী আঞ্চলিক ইউনিটে চলিত সপ্তাহৰ আৰম্ভণিতে উত্তৰ-পূব অঞ্চলত চলোৱা দুটা বৃহৎ অভিযানত প্ৰায় ৬০ হাজাৰ কিলোগ্ৰাম চোৰাং বিদেশী চুপাৰী জব্দ কৰে।
শুকুৰবাৰে মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই বিদেশত নিৰ্মিত এই শুকান চুপাৰি ম্যানমাৰৰ পৰা ম্যানমাৰ-মিজোৰাম সীমান্তৰে ভাৰতলৈ সৰবৰাহ কৰা হৈছে। নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ডি আৰ আইয়ে মিজোৰাম আৰু অসমত এই জব্দ অভিযান চলাইছিল।
বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, এই অভিযানত ডি আৰ আইয়ে অসম ৰাইফলছৰ ৩৮ নং বেটেলিয়নৰ পৰা সহায় লাভ কৰিছিল। এই অভিযানত এতিয়ালৈকে ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চুবুৰীয়া দেশৰ পৰা চুপাৰি অবৈধ আমদানি কৰাৰ ফলত ঘৰুৱা চুপাৰি উৎপাদকসকলৰ যথেষ্ট অৰ্থনৈতিক ক্ষতি হোৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমূহৰ অৰ্থনৈতিক নিৰাপত্তাৰ ক্ষতিসাধন হোৱা বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া