ঘৰুৱা অলংকাৰ বজাৰত সোণৰ চমক, ৰূপৰো জিলিকিনি
নতুন দিল্লী, ২২ মে’ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা অব্যাহত আছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ বেছিভাগ ঠাইতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৬০,০৯০ টকাৰ পৰা ১,৬১,৬৮০ টকাৰ ভিতৰত চলি আছে। ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৪৬,৬১০ টকাৰ
प्रतीकात्मक


নতুন দিল্লী, ২২ মে’ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা অব্যাহত আছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ বেছিভাগ ঠাইতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৬০,০৯০ টকাৰ পৰা ১,৬১,৬৮০ টকাৰ ভিতৰত চলি আছে। ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৪৬,৬১০ টকাৰ পৰা ১,৪৮,১১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৮৫,১০০ ₹ত বিক্ৰী হৈছে চিকচিকিয়া ধাতুৰ ৰূপ।

আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৬০,২৪০ ₹, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৭৬০ ₹ । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৬০,০৯০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,৬১০ টকা । একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৬০,১৪০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,৬৬০ টকাত ৰেকৰ্ড কৰা হৈছে।

এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৬১,৬৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪৮,১১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৬০,০৯০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,৬১০ টকা । ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৬০,১৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৬৬০ টকা।

জয়পুৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৬০,২৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৬,৭৬০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম ১,৬০,১৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৬৬০ টকা। লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৬০,২৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,৭৬০ টকা।

দেশৰ আন ৰাজ্যৰ দৰেই আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি হৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৬০,০৯০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৬,৬১০ টকাত বিক্ৰী হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande