
দক্ষিণ শালমাৰা মানকাচৰ, ০৮ এপ্ৰিল (হি.স.): বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ চৰাঞ্চলৰ চাৰিটা ভোট গ্ৰহণ কেন্দ্ৰলৈ আজি দিনৰ ভাগত ৰাওনা পুলিং প্ৰিছাইডিং বিষয়া আৰু নিৰাপত্তা ৰক্ষীসকল। আন্তৰাষ্ট্ৰীয় সীমান্তৰ চৰাঞ্চলত ভোট গ্ৰহণৰ বাবে নাঁওৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰা কৰে পুলিং প্ৰিজাইডিং বিষয়া সকল।
একেদৰে চৰাঞ্চলত ভোট কেন্দ্ৰ সমূহত ভোট প্ৰধানৰ বাবে নাওৰে ভোটাৰ সকলে যাত্ৰা আৰম্ভ কৰিছে দূৰ্গম চৰাঞ্চলত। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্থাপন কৰা হৈছে ৪০২ টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰে চৰাঞ্চলত স্থাপন কৰা হৈছে ৪ টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ। জিলাখনৰ মুঠ ৪০২ টা ভোট গহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে পুলিং প্ৰিজাইডিং আৰু নিৰাপত্তা ৰক্ষী। সমান্তৰাল ভাবে চৰাঞ্চলৰ চাৰিটা ভোট গ্ৰহণ কেন্দ্ৰত হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটৰ পৰা নাওৰে ৰাওনা হয় বিষয়া সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ