১৭ নং সৃজনগ্ৰাম সমষ্টিৰো নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং আৰু প্ৰিজাইডিং বিষয়া সকল
বঙাইগাঁও, ০৮ এপ্ৰিল (হি.স.)। কাইলৈ অনুষ্ঠিত হ''ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ । ৰাজ্যৰ প্ৰতিটো ভোট কেন্দ্ৰৰ লগতে ১৭ নং সৃজনগ্ৰাম সমষ্টিৰো নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং আৰু প্ৰিজাইডিং বিষয়া সকল । ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিটোৰ অন্তৰ্গত যো
১৭ নং সৃজনগ্ৰাম সমষ্টিৰো নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং আৰু প্ৰিজাইডিং বিষয়া সকল


বঙাইগাঁও, ০৮ এপ্ৰিল (হি.স.)। কাইলৈ অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ । ৰাজ্যৰ প্ৰতিটো ভোট কেন্দ্ৰৰ লগতে ১৭ নং সৃজনগ্ৰাম সমষ্টিৰো নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং আৰু প্ৰিজাইডিং বিষয়া সকল । ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিটোৰ অন্তৰ্গত যোগীঘোপাৰ ৬ নং চৰত অৱস্থিত ৬ নং চৰ প্ৰাথমিক বিদ্যালয় সোঁফাল আৰু বাওঁফাল দুটা ভোট গ্ৰহন কেন্দ্ৰলৈ সামগ্ৰী লৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকলে ।

৬ নং চৰৰ ১৮৬ আৰু ১৮৭ নং কেন্দ্ৰ দুটাত ভোটাৰে কাইলৈ ভোটদান কৰিব । যাৰ বাবে ইঞ্জিন চালিত নাৱেৰে ইভিএম সহ দুৰ্গম অঞ্চল লৈ যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া সকলে । তিনিখন ইঞ্জিন চালিত নাৱেৰে নিৰ্বাচনী বিষয়া সকলে যাত্ৰা আৰম্ভ কৰিছে ৬ নং চৰ ভোট কেন্দ্ৰদুটালৈ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande