শিৱসাগৰত নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ
শিৱসাগৰ, ০৮ এপ্ৰিল (হি.স.)। শিৱসাগৰত নিৰ্বাচনী আয়োগৰ চৰম গাফিলতি। নিৰ্বাচনী আয়োগ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ পৰা বঞ্চিত হৈ ৰৱ নেকি ২৩০০ জন আশীৰ উৰ্দ্ধৰ ব্যক্তি। নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বি এল অ প্ৰেৰণ কৰি এইসকল জেষ্ঠ্য ব্যক্তি
শিৱসাগৰত নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ


শিৱসাগৰ, ০৮ এপ্ৰিল (হি.স.)। শিৱসাগৰত নিৰ্বাচনী আয়োগৰ চৰম গাফিলতি। নিৰ্বাচনী আয়োগ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ পৰা বঞ্চিত হৈ ৰৱ নেকি ২৩০০ জন আশীৰ উৰ্দ্ধৰ ব্যক্তি। নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বি এল অ প্ৰেৰণ কৰি এইসকল জেষ্ঠ্য ব্যক্তিক পোষ্টেল ভোটৰ বাবে প্ৰপত্ৰ পূৰণ কৰাব লাগিছিল। অভিযোগ অনুসৰি নিৰ্বাচনী আয়োগে এইসকল ব্যক্তিৰ কাষলৈ কোনো এজন বি এল অই প্ৰেৰণ নকৰিলে।

তাৎপৰ্য্যপূৰ্ণ ভাবে পদ্মশ্ৰী ইমৰান শ্বাহৰ পৰাও সংগ্ৰহ কৰা নহল পোষ্টেল ভোট। ব্যক্তিৰ অধিকাংশই অসুস্থ বাৰ্দ্ধক্যজনিত কাৰণত ভোটগ্ৰহণ কেন্দ্ৰত শাৰীত দীৰ্ঘসময় থিয় দি থকা অসম্ভৱ বুলি জানিবলৈ দিয়ে পোষ্টেল ভোটৰ পৰা বঞ্চিত জেষ্ঠ্য ভোটাৰ সকলে।

নিৰ্বাচনী আয়োগ তথা নিৰ্বাচনী বিষয়াৰ হেমাহিৰ বাবে পদ্মশ্ৰী ইমৰান শ্বাহ,শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ সোনাৰাম বৰুৱা দৰে ৮৫ বছৰ উৰ্দ্ধৰ বহু জ্যেষ্ঠ নাগৰিক ভোটাধিকাৰৰ পৰা বঞ্চিত। শিৱসাগৰত বিধানসভা সমষ্টিত প্ৰায় ২৩০০ জন ৮৫ বছৰ বয়সৰ ব্যক্তিৰ বিপৰীতে কেৱল ৬১ জনৰহে তালিকা ভুক্ত হোৱাক লৈ এতিয়া ব্যাপক চৰ্চা। শিৱসাগৰৰ এগৰাকী সচেতন মহিলাই এই বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে।

পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা ইমৰান শ্বাহৰ দৰে ব্যক্তিও নিৰ্বাচনী আয়োগ তথা শিৱসাগৰ জিলা প্ৰশাসন গাফিলতিৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে পদ্মশ্ৰী ইমৰান শ্বাহৰ। শিৱসাগৰৰ সমাজ জীৱনৰ পৰিচিত নাম সোনাৰাম বৰুৱাৰ দৰে ব্যক্তিও ২০২৬ ৰ নিৰ্বাচনত ভোটাধিকাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande