বিপিএফৰ আইটি চেলৰ ওপৰত গোচৰ তৰিলে ইউপিপিএলৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে
ওদালগুৰি, ০৮ এপ্ৰিল (হি.স.)। বিপিএফৰ আইটি চেলৰ ওপৰত গোচৰ তৰিলে ইউপিপিএলৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে। দ্বীপেন বড়োৰ ভূৱা সম্পত্তি তালিকা সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিযোগত কোকৰাঝাৰৰ চোলেমান নাৰ্জাৰী, চামচুমা ৰামচিয়াৰী ওদালগুৰি কাজিয়ামাট
বিপিএফৰ আইটি চেলৰ ওপৰত গোচৰ তৰিলে ইউপিপিএলৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে


ওদালগুৰি, ০৮ এপ্ৰিল (হি.স.)। বিপিএফৰ আইটি চেলৰ ওপৰত গোচৰ তৰিলে ইউপিপিএলৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে। দ্বীপেন বড়োৰ ভূৱা সম্পত্তি তালিকা সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিযোগত কোকৰাঝাৰৰ চোলেমান নাৰ্জাৰী, চামচুমা ৰামচিয়াৰী ওদালগুৰি কাজিয়ামাটিৰ, লহৰলহৰ গয়াৰী আৰু মৃদুল খাখলাৰী পাকৰীবাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।

তেও কয়, বিপিএফে পৰাজয় বৰণ কৰা বুলি নিশ্চিত হোৱাত অপপ্ৰচাৰত লিপ্ত হৈছে। আৰক্ষী থানাত গোচৰ তৰাই নহয় দ্বীপেন বড়োৱে আদালতত মানহানী গোচৰ তৰিব বুলি সংবাদ মাধ্য়মক অবগত কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande