হোৱাইট হাউছৰ সাংবাদিক ভোজৰ সময়ত গুলীচালনাৰ অভিযুক্ত এলেনক আদালতত হাজিৰ; শপতনামাত ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ
ৱাশ্বিংটন, ২৮ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন চমুকৈ এফবিআয়ে শনিবাৰে ৱাশ্বিংটন হিল্টন হোটেলত হোৱাইট হাউছৰ সাংবাদিকসকলৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত গুলীচালনাৰ অভিযুক্ত ক’ল এলেনক ফেডাৰেল আদালতত হাজিৰ কৰে। তেওঁ নিজৰ সমৰ্থনত কোনো প্ৰতিক
02558a70324e7c4f269c69825450cec8_1006199874.jpg


ৱাশ্বিংটন, ২৮ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন চমুকৈ এফবিআয়ে শনিবাৰে ৱাশ্বিংটন হিল্টন হোটেলত হোৱাইট হাউছৰ সাংবাদিকসকলৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত গুলীচালনাৰ অভিযুক্ত ক’ল এলেনক ফেডাৰেল আদালতত হাজিৰ কৰে। তেওঁ নিজৰ সমৰ্থনত কোনো প্ৰতিক্ৰিয়া নিদি মনে মনে থিয় হৈ থাকিল। এফ বি আইয়ে আদালতত শপতনামা দাখিল কৰে, য’ত এলেনৰ আটাইতকৈ গুৰুতৰ অভিযোগ হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা।

চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে বিয়লি এলেনক প্ৰথমবাৰৰ বাবে ফেডাৰেল আদালতত হাজিৰ কৰা হয়। ৱাশ্বিংটন ডি চিৰ আমেৰিকাৰ এটৰ্নী জিনিন পিৰ’ই কয় যে সন্দেহযুক্ত লোকজনৰ বিৰুদ্ধে তিনিটা অভিযোগ উত্থাপন কৰা হৈছে যদিও আৰু অধিক অভিযোগ সংযোজন হ’ব পাৰে। এফ বি আইৰ শপতনামাত কোৱা হৈছে যে এলেনে যোৱা সপ্তাহত লছ এঞ্জেলছৰ পৰা ৰে’লযোগে ৱাশ্বিংটনত উপস্থিত হৈছিল আৰু হোৱাইট হাউছৰ সাংবাদিকসকলৰ নিশাৰ আহাৰ গ্ৰহণৰ আগদিনা ৱাশ্বিংটন হিল্টনত আছিল।

চৰকাৰী অধিবক্তাই আদালতত জনোৱা মতে, এলেনে হোটেলৰ বলৰুমৰ ওপৰৰ মজিয়াত থকা নিৰাপত্তা চেকপইণ্টত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে। তেওঁৰ হাতত আছিল এটা শ্বটগান আৰু এটা হেণ্ডগান। শপতনামাত তেওঁ নিক্ষেপ কৰা গুলীবোৰে ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টৰ বুলেটপ্ৰুফ ভেষ্টত খুন্দা মাৰিছিল নে নাই সেই কথা উল্লেখ কৰা হোৱা নাই। এই অনুষ্ঠানৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে ছিক্ৰেট চাৰ্ভিচ। এই কাৰ্যসূচীত ২৫০০ সাংবাদিক, চৰকাৰী বিষয়া, সাংসদ, চেলিব্ৰিটি উপস্থিত আছিল। শিথিল নিৰাপত্তাৰ ব্যৱস্থাক লৈ বহুতে উদ্বেগ প্ৰকাশ কৰে। সোমবাৰে চিক্ৰেট চাৰ্ভিচে কয় যে ভৱিষ্যতৰ অনুষ্ঠানত নিৰাপত্তা বৃদ্ধি কৰিব।

এই কাণ্ডৰ পিছতে সোমবাৰে ছিনেটৰ ৰিপাব্লিকান দলৰ এটা দলে এখন বিধেয়কৰ প্ৰস্তাৱ আগবঢ়ায়। এই বিধেয়কখনে চৰকাৰী ধনৰ সহায়ত হোৱাইট হাউছৰ সৈতে সংলগ্ন বলৰুম নিৰ্মাণৰ অনুমতি দিব। এই প্ৰকল্পৰ সমৰ্থন আছে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। যোৱা বছৰ ট্ৰাম্প প্ৰশাসনে ব্যক্তিগত ধনেৰে বলৰুম নিৰ্মাণ আৰম্ভ কৰিছিল যদিও এই প্ৰকল্পটোৱে আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ট্ৰাম্প আৰু কংগ্ৰেছৰ ৰিপাব্লিকান সদস্যসকলে যুক্তি দিছে যে শনিবাৰৰ গুলীচালনাৰ পৰা শিক্ষা লৈ হোৱাইট হাউছ কমপ্লেক্সৰ ভিতৰত বৃহৎ ইভেণ্ট স্থান নিৰাপত্তাৰ বাবে অতি প্ৰয়োজনীয়। পেনচিলভেনিয়াৰ ডেম’ক্ৰেটিক চিনেটৰ জন ফেটাৰমেনেও এই স্থিতি সমৰ্থন কৰিছিল।

সোমবাৰে এখন সংবাদমেলত দক্ষিণ কেৰ’লিনাৰ ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহামে কয় যে তেওঁ এনে এখন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে যিয়ে মাটিৰ তলৰ বলৰুম নিৰ্মাণৰ বাবে ৪০ কোটি ডলাৰ ব্যয় কৰিব। এই বলৰুমত ছিক্ৰেট চাৰ্ভিচ আৰু অন্যান্য নিৰাপত্তাৰ ব্যৱস্থাও থাকিব। এই প্ৰকল্পৰ বাবে শুল্ক মাচুলৰ দ্বাৰা পুঁজিৰ ব্যৱস্থা কৰা হ’ব। গ্ৰেহামৰ সহকৰ্মী আলাবামাৰ কেটি ব্ৰিট আৰু মিছৌৰীৰ এৰিক শ্বমিটও উপস্থিত আছিল।

নিৰাপত্তাক লৈ সমালোচনাৰ সন্মুখীন হোৱা ছিক্ৰেট চাৰ্ভিচৰ সঞ্চালক শ্বেন কাৰানে কয় যে আমাৰ এজেণ্টসকলে এক ডাঙৰ কাম কৰিলে। কেপিটেল হিলত সাংসদসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁ এই মন্তব্য কৰে। সংবাদদাতাসকলৰ ৰাতিৰ আহাৰক ৰাষ্ট্ৰীয় বিশেষ নিৰাপত্তা অনুষ্ঠান হিচাপে নিৰ্ধাৰণ কৰা উচিত নেকি বুলি সোধাত তেওঁ উল্লেখ কৰে যে এই নামকৰণ উদ্বোধনী অনুষ্ঠান, সংঘৰ অৱস্থাৰ ভাষণ, আৰু ছুপাৰ বোলৰ দৰে ডাঙৰ অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত নিৰাপত্তা কটকটীয়া আছিল। ৰাতিৰ আহাৰ গ্ৰহণৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন শক্তিশালী আছিল, যাৰ ফলত আক্ৰমণকাৰীয়ে ৱাশ্বিংটন হিল্টন হোটেলৰ পৰা ওলাই যাব নোৱাৰিলে।

সোমবাৰে এখন সংবাদমেলত এটৰ্নী জিনিন পিৰ’ইও কিছুমান অস্ত্ৰ-শস্ত্ৰৰ ফটো শ্বেয়াৰ কৰে। তেওঁ দাবী কৰে যে ৱাশ্বিংটন হিল্টনত ক’ল এলেনৰ হাতত এই অস্ত্ৰ-শস্ত্ৰ আছিল বুলি অভিযোগ উঠিছে। এলেনৰ সৈতে ১২ গেজৰ পাম্প একচন মছবাৰ্গ শ্বটগান আৰু .৩৮ ছেমি অটোমেটিক পিষ্টল উদ্ধাৰ কৰা হৈছে। লগতে উদ্ধাৰ হৈছে কমেও তিনিটা কটাৰী আৰু অন্যান্য সামগ্ৰী। আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰ অনুসৰি এলেনে ২০২৫ চনৰ আগষ্ট মাহত শ্বটগানটো আৰু ২০২৩ চনত পিষ্টলটো ক্ৰয় কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande