(সংশোধিত) ডি পি ৱৰ্ল্ড ইণ্ডিয়া চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সাজু বিশ্বৰ শীৰ্ষ গলফাৰ মেকইলৰয়
- ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ দিল্লী গলফ ক্লাবত অনুষ্ঠিত হ''ব এই সন্মানীয় প্ৰতিযোগিতা নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। বিশ্বৰ অন্যতম শীৰ্ষ গলফাৰ ৰ’ৰী মেকইলৰয়ে পুনৰবাৰ ডি পি ৱৰ্ল্ড ইণ্ডিয়া চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। চলিত বছৰৰ ১৫
विश्व के शीर्ष गोल्फ खिलाड़ियों में शामिल रोरी मैकइलरॉय


- ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ দিল্লী গলফ ক্লাবত অনুষ্ঠিত হ'ব এই সন্মানীয় প্ৰতিযোগিতা

নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। বিশ্বৰ অন্যতম শীৰ্ষ গলফাৰ ৰ’ৰী মেকইলৰয়ে পুনৰবাৰ ডি পি ৱৰ্ল্ড ইণ্ডিয়া চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। চলিত বছৰৰ ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ দিল্লী গলফ ক্লাবত অনুষ্ঠিত হ’ব এই সন্মানীয় প্ৰতিযোগিতা। আয়োজকসকলে দৰ্শকৰ বাবে টিকট পঞ্জীয়নো মুকলি কৰিছে।

বিশ্বৰ দুই নম্বৰ আৰু কেৰিয়াৰ গ্ৰেণ্ড শ্লেম বিজয়ী মেকইলৰয়ে যোৱা ছিজনত ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰিছিল। এতিয়া তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে এই বহু প্ৰত্যাশিত ৪০ লাখ ডলাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। যোৱা বছৰ অগাষ্টা নেশ্যনেল গ’ল্ফ ক্লাবত স্মৰণীয় জয়ৰে কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰিছিল মেকইলৰয়ে। ইয়াৰ পূৰ্বে তেওঁ ২০১১ চনৰ ইউ এছ অ’পেন, ২০১২ আৰু ২০১৪ চনৰ পিজিএ চেম্পিয়নশ্বিপ, ২০১৪ চনৰ অ’পেনত জয়লাভ কৰিছিল।

উত্তৰ আইৰিছ তাৰকাগৰাকীয়ে ২০২৫ চনৰ এক তাৰকাময় ছিজন লাভ কৰিছিল, তেওঁ পুনৰ আইৰিছ অ’পেন জয় কৰিছিল আৰু পিজিএ ট্যুৰত আৰু দুটা জয় যোগ কৰিছিল। ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশী মাটিত ইউৰোপৰ ৰাইডাৰ কাপ জয়ৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সপ্তমবাৰৰ বাবে ৰেছ টু ডুবাইতো জয়ী হৈছিল।

এই প্ৰতিযোগিতাত মেকইলৰয়ৰ সৈতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আন শীৰ্ষ খেলুৱৈয়েও অংশগ্ৰহণ কৰিব। ২০২৫ চনৰ বিজয়ী টমী ফ্লিটউডো দিল্লীত উপস্থিত থাকিব।

ডি পি ৱৰ্ল্ড আৰু ডি পি ৱৰ্ল্ড ট্যুৰে ২০২৫ চনত এই প্ৰতিযোগিতাখন আৰম্ভ কৰিছিল।প্ৰফেচনেল গলফ ট্যুৰ অৱ ইণ্ডিয়াৰ সৈতে যৌথভাৱে আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতত অনুষ্ঠিত হোৱা যিকোনো ডি পি ৱৰ্ল্ড ট্যুৰ ইভেণ্টৰ ভিতৰত সৰ্বাধিক পুৰস্কাৰৰ ধন আগবঢ়োৱা হয়।

মেকইলৰয়ে কয় যে তেওঁ সদায় বিশ্বব্যাপী খেলি ভাল পায় আৰু ভাৰতত পূৰ্বৰ অভিজ্ঞতাক স্মৰণীয় বুলি গণ্য কৰে। ভাৰতীয় জনসমাগমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অক্টোবৰ মাহত পুনৰ দিল্লীলৈ উভতি অহাত সুখ প্ৰকাশ কৰে।

এই প্ৰতিযোগিতাই ভাৰতত গলফৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰে আৰু বিশ্ব ক্ৰীড়া মানচিত্ৰত দেশখনৰ স্থান আৰু অধিক চিমেণ্টেৰে গঢ় লৈ উঠে। নৱেম্বৰ মাহত ডুবাইত সমাপ্ত হ’বলগীয়া ৰেচ টু ডুবাইৰ ফাইনেল লেগৰ গুৰুত্বপূৰ্ণ অংশ হ’ব এই প্ৰতিযোগিতা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande