
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে ২০২৬ চনৰ জুলাই মাহত জিম্বাবুৱে ভ্ৰমণ কৰি তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব। সকলো খেল হাৰাৰেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব। ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলা চাৰিদিনৰ ভিতৰত সম্পন্ন হ’ব।
ভাৰতীয় দলটোৰ জিম্বাবুৱে ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া বৃহৎ আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ মাজতে দল পৰিচালনাই নতুন আৰু যুৱ খেলুৱৈক চিনাকি কৰাই দিয়াৰ সুযোগ পাব পাৰে। ইয়াৰ ফলত দলৰ গঠনত পৰিৱৰ্তন আৰু নতুন মুখৰ পৰীক্ষাৰ সুবিধাও হ’ব। ভাৰতে শেষবাৰৰ বাবে ২০২৪ চনত জিম্বাবুৱে ভ্ৰমণ কৰিছিল, য’ত দুয়োটা দলে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিছিল।
ছিৰিজৰ সূচী
১/ প্ৰথম টি-২০ আই মেচ – ২৩ জুলাই, ২০২৬ (বৃহস্পতিবাৰ), হাৰাৰে
২) দ্বিতীয় টি-২০ আই মেচ – ২৫ জুলাই, ২০২৬ (শনিবাৰ), হাৰাৰে
৩) তৃতীয় টি-২০ আই মেচ – ২৬ জুলাই, ২০২৬ (দেওবাৰ), হাৰাৰে
এই ভ্ৰমণৰ পিছতে জিম্বাবুৱেই ২০২৭ চনৰ জানুৱাৰী মাহত তিনিখন মেচৰ ৱান ডে ইণ্টাৰনেশ্যনেল ছিৰিজৰ বাবে ভাৰত ভ্ৰমণ কৰিব। এই খেলসমূহ কলকাতা, হায়দৰাবাদ আৰু মুম্বাইত অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া