এছিয়ান গেমছ ২০২৬: এ কে এফ আই আৰু মাছাল স্প’ৰ্টছৰ উচ্চ প্ৰদৰ্শন শিবিৰ আৰম্ভ
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ভাৰতীয় কাবাডীয়ে ২০২৬ চনৰ এছিয়ান গেমছৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় এমেচাৰ কাবাডী ফেডাৰেচন (এ কে এফ আই) আৰু মাছল স্পৰ্টছৰ সহযোগত দেশৰ শীৰ্ষ পুৰুষ আৰু মহিলা সম্ভাৱনাময় খেলুৱৈসকল
प्रशिक्षण करते कबड्डी खिलाड़ी


নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ভাৰতীয় কাবাডীয়ে ২০২৬ চনৰ এছিয়ান গেমছৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় এমেচাৰ কাবাডী ফেডাৰেচন (এ কে এফ আই) আৰু মাছল স্পৰ্টছৰ সহযোগত দেশৰ শীৰ্ষ পুৰুষ আৰু মহিলা সম্ভাৱনাময় খেলুৱৈসকলৰ বাবে উচ্চ প্ৰদৰ্শন শক্তি আৰু কণ্ডিচনিং শিবিৰৰ আয়োজন কৰিছে। ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ কৰ্ণাটকৰ বেলাৰীৰ ইনস্পাইৰ ইনষ্টিটিউট অৱ স্প’ৰ্টত চলিব এই শিবিৰ।

এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ লক্ষ্য হৈছে খেলুৱৈসকলৰ ফিটনেছ, প্ৰদৰ্শনৰ সম্ভাৱনা, আৰু দীৰ্ঘম্যাদী বিকাশৰ ওপৰত গুৰুত্ব দিয়া। আধুনিক প্ৰশিক্ষণ কৌশল আৰু বৈজ্ঞানিক সহায়ক ব্যৱস্থাৰ জৰিয়তে খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে সাজু কৰা হ’ব।

এ কে এফ আইৰ সভাপতি বিভৰ বিনীত জৈনে কয় যে এই পদক্ষেপ ভাৰতীয় কাবাডীৰ স্তৰ আৰু অধিক উন্নীত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে মাছাল স্প’ৰ্টছৰ সৈতে অংশীদাৰিত্বই খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতাৰ বাবে প্ৰয়োজনীয় পেছাদাৰী পৰিৱেশ, আধুনিক প্ৰশিক্ষণ, আৰু উচ্চ প্ৰদৰ্শনৰ সমৰ্থন প্ৰদান কৰিব।

প্ৰ’ কাবাডী লীগ (পিকেএল)ৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে এই শিবিৰত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত নবীন কুমাৰ, অৰ্জুন দেশৱাল, পৱন চেহৰাৱত, আছলাম ইনামদাৰ, সুনীল কুমাৰ, আছু মালিক, ভাৰত হুদা আদি বিশিষ্ট নাম।

মহিলা দলৰ বাবে ভাৰতীয় মহিলা কাবডী বিশ্বকাপ বিজয়ী অধিনায়ক ৰিতু নেগীৰ লগতে সোণালী বিষ্ণু শ্বিংগেটে, পুষ্পা ৰানা, চম্পা ঠাকুৰ, পিংকি ৰয়, প্ৰিয়া, কাৰ্তিকা আৰ আদি খেলুৱৈও এই শিবিৰৰ অংশ।

এই শিবিৰটোৱে ২০২৬ চনৰ এছিয়ান গেমছত শক্তিশালী প্ৰদৰ্শনৰ বাবে ভাৰতীয় কাবাডী দলক প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande