
ৰায়পুৰ, ২৭ মাৰ্চ (হি.স.)। দেউতাকক ফোন কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি মনিষা সোণোৱালে হাঁহি এটা মাৰি ক'লে, হয়তো তেওঁ বৰ্তমান নিৰ্মাণ কামৰ স্থানত ব্যস্ত। মাত্ৰ কিছু মুহূৰ্তৰ আগতে ১৯ বছৰীয়া মনিষাই উদ্বোধনী খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ ২০২৬ত মহিলাৰ ৪৮ কেজি ভাৰোত্তোলন শাখাত সোণৰ পদক লাভ কৰিছিল আৰু তেওঁ পিতৃৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিব বিচাৰিছিল।
তাইৰ পিতৃ পদ্মধৰ সোণোৱাল এজন ৰাজমিস্ত্ৰী যিয়ে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকৰ চাৰিজনীয়া পৰিয়ালটো পোহপাল দিয়ে। তেওঁ সদায় মনিষাৰ এথলেটিক যাত্ৰাত আটাইতকৈ ডাঙৰ সহায়ক শক্তি হৈ আহিছে।
দুগৰাকী ভগ্নীৰ জ্যেষ্ঠ মনিষাৰ ঘৰ উজনি অসমৰ ধেমাজি জিলাৰ বটঘৰীয়া পেনবেনী চকত। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত এই নিস্তব্ধ অঞ্চলটো গুৱাহাটীৰ পৰা প্ৰায় ৪২৫ কিলোমিটাৰ দূৰত্বত। ইয়াৰ জীৱনযাত্ৰা নিস্তব্ধ আৰু সাধাৰণ, য’ত বেছিভাগ পৰিয়ালৰ সপোন দৈনন্দিন প্ৰয়োজনৰ মাজতে সীমাবদ্ধ।
কিন্তু মনিষাৰ বাবে ভাৰোত্তোলন হলত বাৰবেলৰ টিংটিঙনিৰ শব্দই আছিল সীমাবদ্ধতাক অৱজ্ঞা কৰা এটা সপোনৰ আৰম্ভণি। সীমিত সম্পদৰ মাজতো ক্ৰমান্বয়ে তেওঁৰ এই ক্ৰীড়াৰ প্ৰতি থকা কৌতুহল এক আবেগলৈ পৰিণত হৈছিল আৰু চুবুৰীয়া ৰাষ্ট্ৰ মণিপুৰৰ টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মিৰাবাই চানুৰ পৰা অনুপ্ৰাণিত হৈ পৰিছিল।
আৰু বৃহস্পতিবাৰে সেই সপোন বাস্তৱত পৰিণত হ’ল যেতিয়া তাই আঁঠুৰ আঘাতৰ পৰা যুঁজিও গেমছৰ প্ৰথমটো ভাৰোত্তোলনত সোণৰ পদক লাভ কৰে। এই জয় আছিল বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ সৰ্বোচ্চ ফল।
দুবছৰ পূৰ্বে তেওঁৰ যাত্ৰাৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট আহিছিল যেতিয়া তেওঁ ইটানগৰত থকা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ (এনচিঅ’ই)ত যোগদান কৰিছিল। কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত মনিষাই কয়, “এনচিঅ’ ই ইটানগৰ মোৰ দৰে সৰু গাঁৱৰ এজন খেলুৱৈয়ে সপোনতো ভবা সকলো বস্তু মোক দিলে— উন্নত প্ৰশিক্ষণ, পুষ্টি, পথ প্ৰদৰ্শন, আৰু আঘাতৰ পৰা আৰোগ্য লাভৰ সুবিধা। এই সহায়ৰ অবিহনে ইয়াত উপস্থিত হোৱাটো অতি কঠিন হ’লহেঁতেন।”
তাৰ পিছতো তাইৰ অগ্ৰগতি ক্ৰমাগতভাৱে চলি থাকিল। ২০২৩ চনত স্কুল নেচনেলত স্বৰ্ণ পদক লাভ কৰে। ২০২৪ চনত ওড়িশাৰ সম্বলপুৰত অনুষ্ঠিত খেলো ইণ্ডিয়া অস্মিতা লীগত ৰূপৰ পদক লাভ কৰে। ২০২৫ চনত তেজপুৰত অনুষ্ঠিত ৰাজ্যিক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে চণ্ডীগড়ত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় চেম্পিয়নশ্বিপত অষ্টম স্থান লাভ কৰে।
অৱশ্যে এই সাফল্যৰ পথ সহজ নাছিল। বিগত তিনিমাহ ধৰি মনিষাই প্ৰশিক্ষণৰ সময়ত সোঁ আঁঠুৰ আঘাতৰ সৈতে যুঁজি আছিল।
আঘাতৰ বাবে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত অংশগ্ৰহণ নকৰিবলৈ তেওঁৰ প্ৰশিক্ষকসকলে পৰামৰ্শ দিছিল যদিও ১৯ বছৰীয়া মনিষাই এই সুযোগ গ্ৰহণ কৰি যন্ত্ৰণাৰ মাজতো খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়।
মনিষাই কয়, মোৰ প্ৰশিক্ষকে মোৰ আঁঠুৰ বাবে চিন্তিত হৈ কৈছিল যে জিৰণি লোৱাটো ভাল হ'ব। কিন্তু খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ দৰে সুযোগ সঘনাই নাহে। ইমান ডাঙৰ মঞ্চত খেলাৰ সুযোগটো মই হেৰুৱাব বিচৰা নাছিলো।
মনিষাই আৰু কয়, মই উন্নতি কৰি থাকিব বিচাৰো আৰু এদিন ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰো। এই সোণটো মাত্ৰ আৰম্ভণিহে।
हिन्दुस्थान समाचार / অৰৱিন্দ