
নতুন দিল্লী, ২১ মাৰ্চ (হি.স.)। নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাতৰ সময়ত আঞ্চলিক নিৰাপত্তা আৰু ৰাজ্যৰ উন্নয়নৰ ওপৰত আলোকপাত কৰা হয়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয়; নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ৰাজ্যপাল পদত নিযুক্তি পোৱাৰ পিছত তেওঁৰ প্ৰাৰম্ভিক বৈঠকসমূহৰ ভিতৰত এইখনেই আছিল প্ৰথম বৈঠক আৰু ইয়াত ৰাজ্যখনৰ উন্নয়ন, আঞ্চলিক নিৰাপত্তা, আৰু মূল পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
উল্লেখ্য যে ৰাজধানী ভ্ৰমণৰ সময়ত ৰাজ্যপালগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও এক বৈঠকত মিলিত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া