

- চৰকাৰৰ এলপিজি যোগান স্বাভাৱিক ঘোষণা, পিএনজি সংযোগ বৃদ্ধিৰ নিৰ্দেশ
নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকক দেশত এল পি জি, পেট্ৰ’ল, ডিজেলৰ উপলব্ধতাৰ আশ্বাস দিছে। চৰকাৰে এল পি জিৰ যোগান স্বাভাৱিক ঘোষণা কৰি পি এন জি সংযোগ বৃদ্ধিৰ নিৰ্দেশ দিছে। নৌসেনাৰ নিৰীক্ষণত ভাৰত অভিমুখে গৈ থকা পাইন গেছ আৰু জগ বসন্ত নামৰ দুখন ভাৰতীয় জাহাজে নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে।
মঙলবাৰে ইয়াত সাংবাদিকক সম্বোধন কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব (বিপণন আৰু তেল শোধনাগাৰ) সুজাতা শৰ্মাই কয় যে সকলো খুচুৰা বিপণীতে কাম-কাজ স্বাভাৱিকভাৱে চলি আছে। আমাৰ ইন্ধন ষ্টেচনত পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে। উৰাবাতৰিক আওকাণ কৰি আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ছানীয়ে। শৰ্মাই কয় যে সোমবাৰে পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী ব’ৰ্ডে (পিএনজিআৰবি) সকলো চিটি গেছ বিতৰণ (চিজিডি) সত্তাক নিৰ্দেশ দিয়ে যে, য’তেই পাইপলাইনৰ আন্তঃগাঁথনি উপলব্ধ, তাতেই পাঁচ দিনৰ ভিতৰত আৱাসিক বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি কিচেন, অংগনবাড়ী আদিলৈ পিএনজি সংযোগ প্ৰদান কৰিব লাগে।
তেওঁ কয় যে বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জি যোগানত প্ৰভাৱ পেলাইছে যদিও বৃহৎ পৰিমাণৰ সামগ্ৰী শাৰী পাতি আছে। তেওঁ লগতে কয় যে এল পি জি বিতৰক শিতানত কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা নাই। শৰ্মাই কয় যে কালি আমি কিছু আতংক বুকিং দেখিছিলো যদিও ডেলিভাৰী স্বাভাৱিক হৈয়েই আছে। পেট্ৰল আৰু ডিজেলৰ যোগানো পৰ্যাপ্ত। লগতে সকলো ঘৰুৱা গ্ৰাহকক এল পি জি চিলিণ্ডাৰ যোগান ধৰা হৈছে। ঘৰুৱা গ্ৰাহকক পিএনজি যোগান ১০০%।
জাহাজ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ সিনহাই কয় যে উপসাগৰীয় অঞ্চলৰ সকলো ভাৰতীয় জাহাজ আৰু নাৱিক সুৰক্ষিত। যোৱা ২৪ ঘন্টাত কোনো ধৰণৰ সামুদ্ৰিক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই। তেওঁ সাংবাদিকৰ আগত কয় যে ভাৰতৰ পতাকা থকা এল পি জি বাহক জাহাজ দুখন পাইন গেছ আৰু জগ বসন্তই যোৱা সন্ধিয়া নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰি ভাৰত অভিমুখে ৰাওনা হৈছে। ৰাজেশ সিনহাই উল্লেখ কৰে যে পাইন গেছত ৪৫ হাজাৰ মেট্ৰিক টন এল পি জি ভৰ্তি আৰু ২৭ মাৰ্চৰ পুৱালৈকে নিউ মাংগালোৰ বন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
তেওঁ লগতে কয় যে প্ৰায় ৪৭,৬০০ মেট্ৰিক টন এল পি জি কঢ়িয়াই নিয়া দ্বিতীয়খন এল পি জি বাহক জগ বসন্ত কাণ্ডলা অভিমুখে গৈ আছে আৰু ২৬ মাৰ্চত তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।পাৰস্য উপসাগৰৰ পৰা এই দুখন জাহাজ যাত্ৰাৰ লগে লগে এতিয়া পাৰ্চী উপসাগৰত ভাৰতৰ পতাকা থকা ২০খন জাহাজ আছে, য’ত ৫৪০ জন ভাৰতীয় নাৱিক আছে। কোনো বন্দৰত জাহাজৰ যানজঁটৰ কোনো খবৰ পোৱা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ