মধ্যপ্ৰাচ্যৰ সংকটৰ প্ৰভাৱ: আলবেনিয়াত আবদ্ধ ভাৰতীয় মল্লযুঁজাৰু, সকলো নিৰাপদ
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই এতিয়া ভাৰতীয় খেলুৱৈসকলকো প্ৰভাৱিত কৰিছে। ইউনাইটেড ৱৰ্ল্ড ৰেছলিং ৰেংকিং ছিৰিজত অংশগ্ৰহণ কৰিবলৈ যোৱা ষোল্লগৰাকী ভাৰতীয় মল্লযুঁজাৰু আলবেনিয়াৰ ৰাজধানী টিৰানা
भारतीय पहलवान नेहा सांगवान


নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই এতিয়া ভাৰতীয় খেলুৱৈসকলকো প্ৰভাৱিত কৰিছে। ইউনাইটেড ৱৰ্ল্ড ৰেছলিং ৰেংকিং ছিৰিজত অংশগ্ৰহণ কৰিবলৈ যোৱা ষোল্লগৰাকী ভাৰতীয় মল্লযুঁজাৰু আলবেনিয়াৰ ৰাজধানী টিৰানাত আবদ্ধ হৈ আছে। মধ্যপ্ৰাচ্যৰ বহু অংশত আকাশমাৰ্গ বন্ধ আৰু বিমান বাতিলৰ বাবে তেওঁলোকৰ উভতি অহাত বাধাৰ সৃষ্টি হৈছে।

পশ্চিম এছিয়াত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে কেইবাখনো দেশে বিমান উৰণ বন্ধ কৰি বিমানবন্দৰ বন্ধ ৰাখিছে। ভাৰতীয় দলটোৱে ডুবাই হৈ উভতি অহাৰ কথা আছিল যদিও ডুবাইত সংঘটিত আক্ৰমণৰ পিছতে সংযোগী বিমানখন বাতিল হোৱাৰ ফলত সমগ্ৰ দলটো টিৰানাত থাকিবলৈ বাধ্য হয়।

মহিলা দলৰ প্ৰশিক্ষক মঞ্জিত ৰাণীয়ে ভিডিঅ’ বাৰ্তাযোগে কয়, আমি ছিনিয়ৰ ৰেংকিং ছিৰিজৰ বাবে টিৰানালৈ আহিছিলো, কিন্তু ডুবাইত হোৱা আক্ৰমণৰ বাবে আমাৰ সংযোগী বিমানখন বাতিল কৰা হয়। বৰ্তমান আমি বিমানবন্দৰৰ ওচৰৰ এখন হোটেলত থাকি কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। ভাৰত চৰকাৰ আৰু ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক সহায় কৰাৰ বাবে আমি ধন্যবাদ জনাইছো।

মহিলাৰ ৫৭ কেজি শাখাত ৰূপৰ পদক লাভ কৰা নেহা চাংৱানৰ পিতৃয়ে কয় যে দলটো আজি দিল্লীত উপস্থিত হোৱাৰ কথা আছিল যদিও ডুবাই হৈ বিমান যাত্ৰা বাতিল কৰা হয়। এতিয়া বিকল্প পথেৰে উভতি অহাৰ প্ৰচেষ্টা অব্যাহত আছে।

মুখ্য মহিলা প্ৰশিক্ষক বীৰেন্দ্ৰ দহিয়াই কয় যে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে খেলুৱৈসকলৰ নিৰাপদে উভতি অহাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। শীঘ্ৰে দলটোক ভাৰতলৈ ঘূৰাই অনা হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

একেদৰে ফিবা বিশ্বকাপ ২০২৭ৰ কোৱালিফায়াৰত লেবাননৰ বিৰুদ্ধে খেলখন পিছুৱাই দিয়াৰ পাছত কাটাৰৰ ৰাজধানী ডোহাত আবদ্ধ হৈ আছে ভাৰতীয় পুৰুষৰ বাস্কেটবল দলটো। দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধু আৰু তেওঁৰ প্ৰশিক্ষক ইৰৱানশ্বাহ আদি প্ৰতামা সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ আছে।

যদিও সকলো ভাৰতীয় খেলুৱৈ নিৰাপদ বুলি জানিব পৰা গৈছে, তথাপিও মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ বাবে তেওঁলোকৰ উভতি অহাটো অনিশ্চিত হৈ পৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande