
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বোৰ্ড (বিচিচিআই)এ সোমবাৰে আফগানিস্তানৰ ভাৰত সফৰৰ কাৰ্যসূচী ঘোষণা কৰিছে। নিউ চণ্ডীগড়ৰ ময়দানে জুনত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব। এই ময়দানে ৬ৰ পৰা ১০ জুনৰ মাজত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ টেষ্ট মেচৰ অতিথি হ'ব। ইয়াৰে সৈতে নিউ চণ্ডীগড় ভাৰতৰ ৩১তম টেষ্ট ভেন্যু হ'ব। এই প্ৰত্যয় অভিযান আফগানিস্তানৰ ভাৰত সফৰৰ অংশ হ'ব।
ইয়াৰ পূৰ্বে এই খেলপথাৰখনত আই পি এল মেচ, পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়, মহিলাৰ কেইবাখনো এদিনীয়া খেল অনুষ্ঠিত হৈছিল যদিও পাঁচদিনীয়া টেষ্ট মেচ অনুষ্ঠিত হ’ব এইখন প্ৰথম। প্ৰতিদিনে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ।
আফগানিস্তানৰ ভ্ৰমণ কেৱল টেষ্ট মেচতে সীমাবদ্ধ নাথাকিব। টেষ্টৰ পিছতে দুয়োটা দলে তিনিখন মেচৰ এদিনীয়া শৃংখলাও খেলিব। ২০২৬ চনৰ ১৪ জুনত ধৰ্মশালাত, ১৭ জুনত লক্ষ্ণৌত দ্বিতীয়খন আৰু ২০ জুনত চেন্নাইত তৃতীয়খন এদিনীয়া অনুষ্ঠিত হ’ব।
আফগানিস্তানে শেষবাৰৰ বাবে ২০২৪ চনত ভাৰতত দ্বিপাক্ষিক শৃংখলা খেলিছিল, তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়। ২০১৮ চনত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰতত দুয়োটা দলে মাত্ৰ এখন টেষ্ট মেচহে খেলিছে।
আফগানিস্তানৰ ভাৰত ভ্ৰমণৰ সময়সূচীঃ
একক টেষ্টঃ ৬-১০ জুন, নতুন চণ্ডীগড় – পুৱা ৯:৩০ বজাত
প্ৰথম এদিনীয়াঃ ১৪ জুন, ধৰ্মশালা – ১:৩০ বজাত
দ্বিতীয় এদিনীয়াঃ ১৭ জুন, লক্ষ্ণৌ – ১:৩০ বজাত
তৃতীয় এদিনীয়াঃ ২০ জুন, চেন্নাই – ১:৩০ বজাত
বিশেষকৈ টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত এই ভ্ৰমণ দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, য'ত আফগানিস্তানে শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া