ওমান উপকূলত তেল টেংকাৰত আক্ৰমণ, এজন ভাৰতীয় নিহত
ডুবাই/ওমান, ০২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে ওমানৰ চুলতান কাবুছ বন্দৰৰ উত্তৰ-পশ্চিম দিশত থকা এখন তেল টেংকাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। সোমবাৰে ৰিম’ট কণ্ট্ৰ’ল কৰা নাৱৰে চলোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ বিপৰীতে
तेल टैंकर में लगी आग (फाइल फाेटाे)


ডুবাই/ওমান, ০২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে ওমানৰ চুলতান কাবুছ বন্দৰৰ উত্তৰ-পশ্চিম দিশত থকা এখন তেল টেংকাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। সোমবাৰে ৰিম’ট কণ্ট্ৰ’ল কৰা নাৱৰে চলোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ বিপৰীতে আন ক্ৰু মেম্বাৰক উদ্ধাৰ কৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰায় ৫৯,৪৬৩ মেট্ৰিক টন সামগ্ৰী লৈ টেংকাৰখনে যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই আক্ৰমণৰ ফলত জাহাজখনৰ মূল ইঞ্জিন ৰুমত ব্যাপক বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ পিছতে জাহাজখনৰ বিস্তৰ ক্ষতিসাধন হয়।

গালফ নিউজ আৰু তুৰস্কৰ চৰকাৰী আনাড’লু এজেন্সীৰ খবৰ অনুসৰি ওমানীৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই জনোৱা মতে, মাস্কাটৰ উপকূলৰ পৰা প্ৰায় ৫২ নটিকেল মাইল দূৰত ৰিপাব্লিক অৱ দ্য মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকা উৰুৱাই থকা এখন তেল টেংকাৰক ৰিম’ট নিয়ন্ত্ৰিত নাৱেৰে আক্ৰমণ কৰাত এজন ক্ৰুৰ সদস্যৰ মৃত্যু হয়।

ওমানৰ মেৰিটাইম ছিকিউৰিটি চেণ্টাৰৰ সমন্বয়ত জাহাজখনৰ ২১ জন ক্ৰু সদস্যক নিৰাপদে উলিয়াই অনা হয়। পানামা ৰিপাব্লিকৰ পতাকা উৰুৱাই থকা এম ভি ছেণ্ড নামৰ বাণিজ্যিক জাহাজখনে তেওঁলোকক উদ্ধাৰ কৰে। ক্ৰু সদস্যসকলৰ ভিতৰত আছিল ১৬ জন ভাৰতীয়, চাৰিজন বাংলাদেশী আৰু এজন ইউক্ৰেইনৰ নাগৰিক।

উল্লেখযোগ্য যে শনিবাৰৰ পৰা আৰম্ভ হোৱা আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি ইৰাণৰ কেইবাজনো বিশিষ্ট নেতা নিহত হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ লগতে আমেৰিকাৰ সামৰিক ঘাটি থকা উপসাগৰীয় দেশসমূহকো ড্ৰোন আৰু মিছাইল আক্ৰমণেৰে লক্ষ্য কৰি লয়।

ইফালে, ক্ষতিগ্ৰস্ত টেংকাৰখন নিৰীক্ষণ আৰু পৰিস্থিতিৰ বুজ ল’বলৈ ওমান ৰয়েল নেভিয়ে এখন জাহাজ ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande