ইৰাণৰ ১০০০ৰো অধিক লক্ষ্যত আক্ৰমণৰ দাবী আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডৰ
ৱাশ্বিংটন/তেহৰাণ, ০২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকমে) দুদিনৰ ভিতৰত ইৰাণৰ ১০০০ৰো অধিক সামৰিক লক্ষ্যত আঘাত কৰা বুলি দাবী কৰিছে। ইফালে ইজৰাইল আৰু লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাহৰ মাজত ৰকেট আৰ
अमेरिकी वायु सेना (फाइल फाेटाे)


ৱাশ্বিংটন/তেহৰাণ, ০২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকমে) দুদিনৰ ভিতৰত ইৰাণৰ ১০০০ৰো অধিক সামৰিক লক্ষ্যত আঘাত কৰা বুলি দাবী কৰিছে। ইফালে ইজৰাইল আৰু লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাহৰ মাজত ৰকেট আৰু ড্ৰোন আক্ৰমণৰ সূচনা হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছতে আঞ্চলিক উত্তেজনা বৃদ্ধি পাইছে।

দেওবাৰে চেণ্টকমে জনোৱা মতে, দুদিনীয়া সামৰিক অভিযানত ইৰাণৰ ভিতৰত ১০০০ৰো অধিক লক্ষ্যত আঘাত কৰা হৈছে। ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি এই লক্ষ্যসমূহৰ ভিতৰত আছিল জাহাজ, চাবমেৰিন, মিছাইল স্থান, যোগাযোগ সংযোগ, আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শনিবাৰৰ পৰা আৰম্ভ হোৱা আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাতৰ সময়ত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ পিছত অঞ্চলটোৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি হিজবুল্লাই খামেনেইৰ হত্যাৰ প্ৰতিশোধ হিচাপে ইজৰাইলৰ ওপৰত ৰকেট আৰু ড্ৰ’ন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে দক্ষিণ বেইৰুট আৰু লেবাননৰ অন্যান্য অঞ্চলত বিমান আক্ৰমণ চলায়। ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৰ সদস্যক লক্ষ্য কৰি লৈছে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে। দক্ষিণ বেইৰুটত কমেও ৮টা বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত ৰাজপথত আতংকৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা বহু লোক পলায়ন কৰিছে।

ইজৰাইলে দেশখনৰ দক্ষিণ আৰু পূবৰ প্ৰায় ৫০খন চহৰ খালী কৰাৰ বাবে আবেদন জনাইছে, যিটো পূৰ্বৰ সংঘাতৰ সময়ত জাৰি কৰা নিৰ্দেশনাৰ পুনৰাবৃত্তি।

দেওবাৰে ইজৰাইলে কয় যে ইৰাণৰ ওপৰত আক্ৰমণৰ আন এক ঢৌ আৰম্ভ কৰিছে, আনহাতে তেহৰানে ইজৰাইল আৰু সমগ্ৰ পাৰস্য উপসাগৰীয় অঞ্চলত প্ৰতিশোধ লয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকলো লক্ষ্য পূৰণ নোহোৱালৈকে সামৰিক অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰিছে। অৱশ্যে এই উদ্দেশ্যসমূহৰ বিষয়ে তেওঁ বিশদভাৱে কোৱা নাছিল। ক্ৰমাৎ বৃদ্ধি পোৱা আক্ৰমণ আৰু পাল্টা আক্ৰমণৰ মাজতে সমগ্ৰ পশ্চিম এছিয়াতে এক বৃহৎ আঞ্চলিক যুদ্ধৰ ভাবুকি বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande