
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰতৰ উদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ জানুৱাৰী মাহত ৩ মাহৰ নিম্নতম ৪.৮ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে এবছৰৰ একে সময়ছোৱাত ৫.২ শতাংশ হাৰত বৃদ্ধি পাইছিল।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে সোমবাৰে এক বিবৃতিত কয় যে খনন আৰু উৎপাদন খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই উদ্যোগিক উৎপাদন বৃদ্ধিৰ গতি মন্থৰ। তথ্য অনুসৰি ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ৰ ভিত্তিত ভাৰতৰ উদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ জানুৱাৰী মাহত ৪.৮ শতাংশ, যোৱা বছৰৰ একে সময়ছোৱাত ৫.২ শতাংশ আছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ অক্টোবৰ মাহত বৃদ্ধিৰ হাৰ ০.৫ শতাংশ আছিল, যিটো যোৱা কেইমাহমানৰ ভিতৰতে সৰ্বনিম্ন, আনহাতে ২০২৫ চনৰ নৱেম্বৰ মাহত আই আই পিৰ বৃদ্ধিৰ হাৰ ৭.২ শতাংশ ৰেকৰ্ড কৰা হৈছিল।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যত ২০২৫ চনৰ ডিচেম্বৰৰ বাবে ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ পৰিসংখ্যা সংশোধন কৰি আঠ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে ২০২৬ চনৰ জানুৱাৰী মাহৰ অস্থায়ী অনুমানত ৭.৮ শতাংশ বুলি প্ৰকল্প কৰা হৈছিল। এন এছ অ’ৰ তথ্য অনুসৰি জানুৱাৰী মাহত উৎপাদন খণ্ডৰ বৃদ্ধি ৪.৮ শতাংশলৈ হ্ৰাস পাইছে, যিটো যোৱা বছৰৰ একে মাহত ৫.৮ শতাংশ আছিল।
তথ্য অনুসৰি এই সময়ছোৱাত খনন খণ্ডৰ বৃদ্ধিও সামান্য হ্ৰাস পাই ৪.৩ শতাংশ হৈছে, যিটো যোৱা বছৰৰ একে সময়ছোৱাত ৪.৪ শতাংশ আছিল। কিন্তু জানুৱাৰী মাহত বিদ্যুৎ উৎপাদন ৫.১ শতাংশলৈ উন্নত হয়, যিটো এবছৰৰ পূৰ্বৰ একে সময়ছোৱাত ২.৪ শতাংশ আছিল। ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ এপ্ৰিল-জানুৱাৰী সময়ছোৱাত ঔদ্যোগিক উৎপাদন বৃদ্ধি চাৰি শতাংশ, যিটো এবছৰৰ পূৰ্বৰ একে সময়ছোৱাত ৪.২ শতাংশ আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ