ইপিএফঅ’ই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে সুতৰ হাৰ ৮.২৫% বাহাল
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (ইপিএফঅ'') এ চলিত বিত্ত বছৰ ২০২৫-২৬ৰ বাবে কৰ্মচাৰীসকলৰ পি এফ জমাত সুদৰ হাৰৰ ৮.২৫ শতাংশ বাহাল ৰাখিছে। এই সিদ্ধান্তৰে দেশৰ প্ৰায় ৩১ কোটিৰ পৰা অধিক সদস্যই লাভ পাব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়ো
कर्मचारी भविष्य निधि संगठन के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (ইপিএফঅ') এ চলিত বিত্ত বছৰ ২০২৫-২৬ৰ বাবে কৰ্মচাৰীসকলৰ পি এফ জমাত সুদৰ হাৰৰ ৮.২৫ শতাংশ বাহাল ৰাখিছে। এই সিদ্ধান্তৰে দেশৰ প্ৰায় ৩১ কোটিৰ পৰা অধিক সদস্যই লাভ পাব।

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মানসুখ মাণ্ডৱিয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় ন্যাসৰক্ষী ব’ৰ্ড (চিবিটি)ৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিগত বিত্তীয় বৰ্ষতো ইপিএফঅ’ই ৮.২৫% সুতৰ হাৰ আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষত এই হাৰ ৮.১৫% আছিল, আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ই চাৰি দশকৰ নিম্নতম ৮.১% লৈ হ্ৰাস পাইছিল।

ভাৰতীয় মজদুৰ সংঘৰ উত্তৰ মণ্ডল সংগঠন সম্পাদক পৱন কুমাৰে কৰ্মচাৰী ভৱিষ্য নিধি (ই পি এফ)ৰ পি এফ জমা ধনৰ সুতৰ হাৰ ৮.২৫% ৰখাৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁ কয় যে দেশৰ লাখ লাখ দৰমহা পোৱা কৰ্মচাৰীৰ বাবে এয়া এক বৃহৎ সকাহ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande