
জয়পুৰ, ১৬ মাৰ্চ (হি.স.)। ইয়াৰ আৰ পি চি খেলপথাৰত অনুষ্ঠিত হোৱা শ্ৰী চিমেণ্ট কাপৰ ফাইনেলত নাহৰগড়ক ৯-৪.৫ গ’লত পৰাস্ত কৰি জয়পুৰ প’লো দলে ছিজনৰ ১১ সংখ্যক খিতাপ দখল কৰে। জয়পুৰৰ বিজয়ৰ নায়ক আছিল মহাৰাজা ছাৱাই পদ্মনাভ সিং, যিয়ে তাৰকা প্ৰদৰ্শনেৰে ৭টা গ’ল দিয়ে। তেওঁৰ নেতৃত্বত জয়পুৰে আৰম্ভণিৰে পৰা খেলখনত আধিপত্য বিস্তাৰ কৰি শেষলৈকে নিজৰ অগ্ৰগতি বজাই ৰাখি মেচখনত জয়লাভ কৰে।
খেলখনৰ আৰম্ভণিতে নাহৰগড়ৰ হেণ্ডিকেপৰ ১/২ গ’লৰ সুবিধা আছিল যদিও জয়পুৰে দ্ৰুতগতিত নিয়ন্ত্ৰণ লাভ কৰে। মহাৰাজা সাৱাই পদ্মনাভ সিঙে ফিল্ড গ’লেৰে গ’লটোৰ আৰম্ভণি কৰে আৰু তাৰ পাছত আন এটা গ’লেৰে অগ্ৰগতি দুগুণ কৰে। ইয়াৰ পিছত তেওঁ দ্ৰুতগতিত হেট্ৰিক সম্পূৰ্ণ কৰি জয়পুৰক শক্তিশালী স্থানত ৰাখিলে। প্ৰথম চুক্কাৰ শেষ হোৱাৰ ঠিক আগতে প্ৰতাপ সিং কানোতাইও এটা সুন্দৰ ফিল্ড গ’ল দি জয়পুৰৰ অগ্ৰগতি চাৰিটা গ’ললৈ বৃদ্ধি কৰে।
দ্বিতীয়াৰ্ধত নাহৰগড়ে প্ৰত্য়াৱৰ্তন কৰাৰ চেষ্টা কৰে। জয়পুৰৰ ডিফেন্স ভাঙি তৰুণ বিলৱালে নাহৰগড়ৰ হৈ প্ৰথমটো ফিল্ড গ’ল দিয়ে। অৱশ্যে জয়পুৰে ততাতৈয়াকৈ প্রতিক্রিয়া প্রদান কৰি মহাৰাজা পদ্মনাভ সিঙে আন এটা গ’ল সংযোজন কৰি তেওঁলোকৰ অগ্রগতি অক্ষুণ্ণ ৰাখে৷ ইয়াৰ পাছতে বিশাল সিং ৰাথোৰে নাহৰগড়ৰ হৈ ঘাটি সংকুচিত কৰে যদিও শেষ ভাগত মহাৰাজা পদ্মনাভ সিঙে পুনৰ গ’ল দি জয়পুৰক উৰ্ধতন দিয়ে। হাফটাইমত স্ক’ৰ জয়পুৰ ৬ – নাহৰগড় ২ ১/২।
তৃতীয়াৰ্ধত নাহৰগড়ে প্ৰথম মিনিটত পুনৰ হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে, আৰু তৰুণ বিলৱালে দ্বিতীয়টো গ’ল দি দলৰ অগ্ৰগতি ৩ ১/২লৈ বৃদ্ধি কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰতাপ সিং কানোতাই এক উজ্জ্বল ফিল্ড গ’লেৰে জয়পুৰৰ অগ্ৰগতি বৃদ্ধি কৰে। কিছু সময়ৰ পাছতে মহাৰাজা ছাৱাই পদ্মনাভ সিঙে খেলখনৰ ষষ্ঠটো গ’ল দি জয়পুৰক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।
চূড়ান্ত পৰ্যায়ত জয়পুৰৰ আধিপত্য অব্যাহত আছিল। মহাৰাজা সাৱাই পদ্মনাভ সিঙে আন এটা গ’ল দি দলটোৰ স্ক’ৰ ৯লৈ বৃদ্ধি কৰে। নাহৰগড়ৰ পেনাল্টি কনভার্চনে স্ক’ৰ ৪১⁄২লৈ বৃদ্ধি কৰে যদিও বিশাল সিং ৰাথোৰৰ নেতৃত্বত জয়পুৰৰ শক্তিশালী ডিফেন্সে চূড়ান্ত চাপ সহ্য কৰি জয় নিশ্চিত কৰে ৷
জয়পুৰৰ হৈ মহাৰাজা সাৱাই পদ্মনাভ সিঙে ৭টা গ’ল দিয়াৰ বিপৰীতে প্ৰতাপ সিং কানোতাই দুটা গ’ল সংযোজন কৰে। নাহৰগড়ৰ হৈ তৰুণ বিলৱালে দুটা গ’ল আৰু বিশাল সিং ৰাথোৰে এটা গ’ল, লগতে পেনাল্টি কনভার্চন কৰে ৷
हिन्दुस्थान समाचार / Manoj Kumar Saikia