নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই আয়োজন কৰিব এফ আই এইচ হকী নেচনছ কাপ ২০২৫-২৬
ল’জান (ছুইজাৰলেণ্ড), ১৬ মাৰ্চ (হি.স.)। আন্তর্জাতিক হকী সংস্থা (এফআইএইচ) সোমবাৰে ঘোষণা কৰিছে যে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰমশঃ মহিলা আৰু পুৰুষ শ্ৰেণীৰ এফআইএইচ হকী নেছনছ কাপ ২০২৫-২৬ ৰ চতুর্থ সংস্কৰণৰ আয়োজন কৰিব। এই প্ৰতিযোগিতাৰ বিজেতাই এফআইএইচ
प्रतीकात्मक चित्र


ল’জান (ছুইজাৰলেণ্ড), ১৬ মাৰ্চ (হি.স.)। আন্তর্জাতিক হকী সংস্থা (এফআইএইচ) সোমবাৰে ঘোষণা কৰিছে যে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰমশঃ মহিলা আৰু পুৰুষ শ্ৰেণীৰ এফআইএইচ হকী নেছনছ কাপ ২০২৫-২৬ ৰ চতুর্থ সংস্কৰণৰ আয়োজন কৰিব। এই প্ৰতিযোগিতাৰ বিজেতাই এফআইএইচ হকী প্ৰ' লীগ ২০২৬-২৭ ত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ প্ৰতিযোগিতাত বিশ্বৰ কেইবাটাও শক্তিশালী দলে অংশগ্ৰহণ কৰিব। এই দলসমূহৰ ভিতৰত আছে আয়োজক দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, ফ্ৰান্স, কোৰিয়া, জাপান, ৱেলছ, মালয়েছিয়া, স্কটলেণ্ড, আৰু আয়াৰলেণ্ড। স্কটলেণ্ডে এফ আই এইচ হকী নেচনছ কাপ ২ৰ জৰিয়তে প্ৰমোচন লাভ কৰাৰ বিপৰীতে আয়াৰলেণ্ডে ২০২৪-২৫ ছিজনৰ বাবে এফ আই এইচ হকী প্ৰ’ লীগ এৰি এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব।

এফ আই এইচ হকী পুৰুষৰ নেচনছ কাপ ২০২৫-২৬ প্ৰতিযোগিতাখন ২০২৬ চনৰ ১১-২০ জুনলৈ অনুষ্ঠিত হ’ব । ২০২২ চনত পটচেফষ্ট্ৰুমত প্ৰথম পুৰুষৰ সংস্কৰণ অনুষ্ঠিত হোৱা দক্ষিণ আফ্ৰিকাত পুনৰবাৰ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ।

নিউজিলেণ্ডৰ অকলেণ্ডত ২০২৬ চনৰ ১৫-২১ জুনত অনুষ্ঠিত হ’বলগীয়া মহিলা প্ৰতিযোগিতাখনত আয়োজক নিউজিলেণ্ডৰ উপৰিও আমেৰিকা, জাপান, কোৰিয়া, চিলি, স্কটলেণ্ড, ফ্ৰান্স, ভাৰতৰ দলসমূহে অংশগ্ৰহণ কৰিব। ফ্ৰান্সে এফ আই এইচ হকী নেচনছ কাপ ২ৰ পৰা প্ৰমোচন লাভ কৰাৰ বিপৰীতে ভাৰতে ২০২৪-২৫ ছিজনৰ বাবে এফ আই এইচ হকী প্ৰ’ লীগত অংশগ্ৰহণ কৰিব।

২০২১ চনত এফ আই এইচ হকী প্ৰ’ লীগত নথকা শীৰ্ষ ৰেংকিঙৰ দলসমূহৰ বাবে এফ আই এইচ হকী নেচনছ কাপ আৰম্ভ কৰা হৈছিল । এই প্ৰতিযোগিতাখনৰ লক্ষ্য হৈছে এই দলসমূহৰ বাবে এক উচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা, য’ত বিজয়ী দলটোৱে পৰৱৰ্তী ছিজনৰ প্ৰ’ লীগলৈ উন্নীত হোৱাৰ সুযোগ লাভ কৰিব।

এতিয়ালৈকে খেলা তিনিটা সংস্কৰণত ভাৰত, স্পেইন, আৰু নিউজিলেণ্ডে মহিলা প্ৰতিযোগিতাত জয়লাভ কৰিছে। পুৰুষৰ শাখাত দক্ষিণ আফ্ৰিকাই উদ্বোধনী সংস্কৰণত জয়লাভ কৰাৰ পিছত নিউজিলেণ্ডৰ পুৰুষ দলটোৱে একেৰাহে দুটা জয় লাভ কৰে।

এফ আই এইচৰ সভাপতি টায়াব ইক্ৰমে আয়োজক ঘোষণা কৰাৰ পিছত কয় যে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দৰে আচৰিত দেশত এই প্ৰতিযোগিতাখন আয়োজন কৰাটো হকী অনুৰাগীৰ বাবে অত্যন্ত ৰোমাঞ্চকৰ হ’ব আৰু বিশ্বৰ শীৰ্ষ দলসমূহে দুখন মহাদেশত দৰ্শনীয় প্ৰতিযোগিতা উপস্থাপন কৰিব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande