শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ ২১ টা গৰু
কোকৰাঝাৰ, ১৬ মাৰ্চ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি পুৱতি নিশা শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা ২০ টা দামৰা আৰু এজনী গাই গৰু জব্দ কৰে। শিমুলটাপু আৰক্ষী চকীৰ সহ পৰিদৰ্শ
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ ২১ টা গৰু


কোকৰাঝাৰ, ১৬ মাৰ্চ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি পুৱতি নিশা শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা ২০ টা দামৰা আৰু এজনী গাই গৰু জব্দ কৰে।

শিমুলটাপু আৰক্ষী চকীৰ সহ পৰিদৰ্শক যাদৱ ভৰালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আলু, বন্ধা কবি বোজাই কৰি অনা এএছ ১৩এছি ৬২৩৪ নম্বৰৰ বাহন এখনক আৰক্ষীৰ নাকাত ৰখাই তালাচী চলোৱাত আলু আৰু বন্ধা কবিৰ বস্তাৰ তলত চাং বনাই চাঙৰ তলত লুকুৱাই অনা ২০ টা দামৰা আৰু এজনী গাই গৰু জব্দ কৰে যদিও গাড়ীৰ চালক আৰু গাড়ী খনত থকা গৰুৰ চোৰাং বেপাৰী সকল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলাই যোৱাত তেওঁলোকক আটক কৰিব পৰা নাই। গৰু কেইটাক জব্দ কৰি শ্ৰীৰামপুৰত থকা খোৱাৰত ৰখা হৈছে।

উল্লেখ্য যে অসমত গৰুৰ ক্ৰয় বিক্ৰয় তথা সৰবৰাহ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কঠোৰ নিষেধাজ্ঞা বলবৎ কৰাৰ পাছতো গৰুৰ চোৰাং কাৰবাৰ যে অব্যাহত আছে সেয়া মাজে মাজেই পোহৰ লৈ আহে। আৰক্ষীয়ে মাজে সময়ে চোৰাং গৰু আটক কৰি আছে। অনাগত ঈদৰ প্ৰাকক্ষণত গৰুৰ সৰবৰাহকাৰীৰ দৌৰাত্ম্য বৃদ্ধি পোৱা সময়ত কালি নিশা শিমুলটাপুৰ আৰক্ষীৰ হাতত গৰু কেইটা জব্দ হোৱাত অসমত যে গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে সেয়া আকৌ প্ৰমান হ'ল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande