
শ্বিলং, ০৭ ফেব্ৰুৱাৰী (হি.স.)। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ অবৈধ কয়লা খনিত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ তৃতীয় দিনা শনিবাৰে আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ ফলত মৃতকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনা স্থানত অভিযান চলাই থকা এন ডি আৰ এফৰ এজন বিষয়াই নিশ্চিত কৰিছে যে
উল্লেখ্য যে বিগত বৃহস্পতিবাৰে (৫ ফেব্ৰুৱাৰী) উমছংগাট গাঁৱৰ থাংস্কু অঞ্চলৰ এটা খনিত সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), অগ্নিনিৰ্বাপক বাহিনীকে ধৰি একাধিক সংস্থাই ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলায়। ঘটনাৰ প্ৰথম দিনাই ১৮টা মৃতদেহ উদ্ধাৰ কৰা হয় আৰু দ্বিতীয় দিনা আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়।
এন ডি আৰ এফৰ সূত্ৰই জনোৱা মতে, শনিবাৰে আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাত মুঠ মৃত্যুৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।এই মৃতদেহবোৰৰ কিছুমান চিনাক্ত কৰা হৈছে। বৰ্তমান ৮ জন আহত চিকিৎসাধীন হৈ আছে।
এতিয়াও দুৰ্ঘটনা স্থানত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে, এছডিআৰএফ, বিশেষ উদ্ধাৰ দল আৰু এনডিআৰএফৰ দল নিয়োগ কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, জৰুৰীকালীন সাহায্য প্ৰদানৰ বাবে ওচৰতে চিকিৎসা দল আৰু এম্বুলেন্স স্থাপন কৰা হৈছে।
এন ডি আৰ এফৰ ১ম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচ পি কান্ধৰী, ডেপুটি কমাণ্ডেণ্ট এন কে তিৱাৰী, চি এম অ’ (অ’ জি) ডাঃ মফী, আৰু পৰিদৰ্শক অনুৰাগ কুমাৰ সিঙৰ নেতৃত্বত এই উদ্ধাৰ অভিযান চলাই থকা হৈছে। প্ৰায় ১০০ ফুট দ অবৈধ কয়লা খনিৰ ভিতৰত ৩১০ ফুট ভিতৰৰ পৰা আজি মৃতদেহ উদ্ধাৰ কৰা হয়।
সূত্ৰসমূহে জনোৱা মতে, অনুসন্ধান অভিযান এতিয়াও অব্যাহত আছে, আৰু বাকী থকা ভুক্তভোগীসকলৰ স্থান নিৰ্ণয় কৰি চিনাক্তকৰণ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা তিনিটা খনিৰ ভিতৰত দুটা খনিৰ তালাচী অভিযান সম্পূৰ্ণ হৈছে।
জিলা প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি থকাৰ বাবে সেনা আৰু বায়ুসেনাক ষ্টেণ্ডবাইত ৰখা হৈছে বুলি জিলা প্ৰশাসনৰ বিষয়াসকলে জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ