
কাঠমাণ্ডু, ০৫ ফেব্ৰুৱাৰী (হি.স.)। অহা মাহৰ ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে সময় কম হোৱাত নেপাল কমিউনিষ্ট পাৰ্টি (চিপিএন-ইউএমএল)ৰ ওপৰত হেঁচা ক্ৰমাৎ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ মাহত জেন-জি আন্দোলনৰ ৰাজনৈতিক পৰিণতিই এতিয়া নিৰ্বাচনী পৰিৱেশত স্পষ্টভাৱে প্ৰভাৱ পেলাইছে।
বিগত বৰ্ষৰ ৮ আৰু ৯ ছেপ্টেম্বৰত জেন-জিৰ প্ৰতিবাদৰ সময়ত মানৱীয় আৰু বস্তুগত ক্ষতিৰ বাবে ইউএমএলৰ অহৰহ সমালোচনাৰ সন্মুখীন হৈ আহিছে। সেই সময়ত দলৰ সভাপতি তথা তদানীন্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে চৰকাৰৰ নেতৃত্ব দিছিল। সমালোচকসকলে অভিযোগ কৰে যে অলিয়ে হিংসাৰ দায়িত্ব গ্ৰহণ কৰাত ব্যৰ্থ হৈছিল আৰু এই অভিযোগে দলটোক খেদি ফুৰিছে। শেহতীয়াকৈ অলিয়ে ফেচবুক পোষ্টৰ জৰিয়তে প্ৰাণ হেৰুৱা ১৯ জন লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছিল যদিও ইয়াৰ দ্বাৰা জনতাৰ ক্ষোভ শান্ত কৰাত ব্যৰ্থ হয়।
অধিকাংশ বৃহৎ দলে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তৰ মাজতে ইউএমএলৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি পাইছে। কাঠমাণ্ডু মহানগৰৰ প্ৰাক্তন মেয়ৰ বেলেন শ্বাহে ঝাপা-৫ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই অলিৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰিছে, কিয়নো এই অঞ্চলটোক পৰম্পৰাগতভাৱে তেওঁৰ দুৰ্গ হিচাপে গণ্য কৰা হৈছে। ইফালে, ইউএমএলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেলেও ডাং-২ত কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে, যাৰ ফলত দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি ভাবুকিৰ আশংকা বৃদ্ধি পাইছে।
এই পটভূমিত অলিয়ে নিৰ্বাচিত সমষ্টিসমূহত সীমিত নিৰ্বাচনী সহযোগিতাৰ সম্ভাৱনাৰ সন্ধান আৰম্ভ কৰিছে। নেপালী কংগ্ৰেছৰ সভাপতি গগন থাপাই কোনো ধৰণৰ মিত্ৰতাক স্পষ্টভাৱে নুই কৰাৰ পিছত অলিয়ে নেপাল কমিউনিষ্ট পাৰ্টিৰ সৈতে সমন্বয়ৰ সম্ভাৱনাৰ সন্ধান কৰি থকা বুলি জানিব পৰা গৈছে।
ইফালে এন চি পিৰ সমন্বয়ক পুষ্পা কমল দাহাল প্ৰচন্দৰো ৰাজনৈতিক হেঁচা। শেহতীয়াকৈ তেওঁ এটা আৱেগিক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বিতাত নথকা আৰু নৱ প্ৰজন্মই আগভাগ লোৱা দেখিব বিচাৰে বুলি ইংগিত দিয়ে।
ইউএমএল-এনচিপিৰ সম্ভাৱ্য মিত্ৰতাৰ জল্পনা-কল্পনাই অধিক বল লাভ কৰিছিল যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰে দেশজুৰি ৮০ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছিল, যাৰ ফলত স্পষ্ট হৈ পৰিছিল যে ৫ মাৰ্চৰ নিৰ্বাচন পিছুৱাই দিয়া নহ’ব। ফলত অলি আৰু প্ৰচণ্ড দুয়োজনেই নিজৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰা যেন লাগে। অলিয়ে ঝাপাত নিজৰ স্থিতি শক্তিশালী কৰিব বিচৰাৰ বিপৰীতে প্ৰচণ্ডই ৰুকুম ইষ্টত তুলনামূলকভাৱে নিৰাপত্তা অনুভৱ কৰাৰ পিছতো দেশজুৰি উন্নত ফলাফল লাভৰ উপায় বিচাৰিছে।
অলিয়ে এনচিপি বা ৰাষ্ট্ৰ প্ৰজাতন্ত্ৰ পাৰ্টিৰ সৈতে মিত্ৰতাৰ বিকল্পৰ কথা বিবেচনা কৰিছে। ২০২২ চনৰ নিৰ্বাচনত ইউএমএল আৰু আৰপিপিৰ সফল মিত্ৰতাত অলিয়ে ঝাপা-৫ আৰু আৰপিপিৰ অধ্যক্ষ ৰাজেন্দ্ৰ লিংডেনে ঝাপা-৩ জয় কৰে। অৱশ্যে লিংডেনে এইবাৰ আৰ পি পিয়ে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ইংগিত দিছে, যাৰ পৰা অলিৰ এন চি পিৰ প্ৰতি প্ৰৱণতা প্ৰকাশ পাইছে।
এন চি পিৰ নেতাসকলে নিশ্চিত কৰিছে যে অলিয়ে নিৰ্বাচনী সহযোগিতাৰ প্ৰস্তাৱ দিছে যদিও এতিয়াও কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই। প্ৰচণ্ডৰ সচিবালয়ে কয় যে আলোচনা দেশজোৰা মিত্ৰতা নহয়, কিছুমান বিশেষ সমষ্টিত সহযোগিতাৰ সম্ভাৱনাৰ মাজতে সীমাবদ্ধ হৈ আছে। কৌশলগত সমন্বয়ক নুই কৰিব নোৱাৰি বুলি প্ৰচণ্ড নিজেই সাক্ষাৎকাৰত ইংগিত দিছে।
অৱশ্যে এন চি পিৰ ভিতৰতো বিৰোধিতা প্ৰবল। বিশেষকৈ জেন-জি আন্দোলনক লৈ অলিৰ বিৰুদ্ধে জনসাধাৰণৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ইউএমএলৰ সৈতে মিত্ৰতাই দলটোক আৰু অধিক দুৰ্বল কৰি তুলিব পাৰে বুলি জ্যেষ্ঠ নেতা মাধৱ কুমাৰ নেপাল আৰু ভীম ৰাৱালে সকীয়াই দিছে। তেওঁলোকে কয় যে যদিহে অলিয়ে নিজৰ পূৰ্বৰ কাৰ্য্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিব নোৱাৰে তেন্তে যিকোনো মিত্ৰতাই ৰাজনৈতিকভাৱে ক্ষতিকাৰক হ’ব।
মাধৱ নেপালে উল্লেখ কৰে যে বৰ্তমান ইউএমএলৰ সৈতে কোনো ধৰণৰ মিত্ৰতা বা সমন্বয়ৰ সম্ভাৱনা নাই, আৰু সকলো সিদ্ধান্ত আভ্যন্তৰীণ আলোচনাৰ জৰিয়তে লোৱা হৈছে। ভীম ৰাৱালে এই স্থিতিৰ প্ৰতিধ্বনি দি সাম্প্ৰতিক পৰিস্থিতিত এন চি পি ইউ এম এলৰ সৈতে আগবাঢ়ি নাযায় বুলি উল্লেখ কৰি ইউ এম এলৰ নেতাসকলে দলটোক দুৰ্বল কৰাৰ বাবে উৰাবাতৰি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে।
ইউএমএলৰ ভিতৰতো পাৰ্থক্য দেখা যায়। জ্যেষ্ঠ নেতাসকলে মিত্ৰতাৰ আলোচনাক ৰাজহুৱাভাৱে অস্বীকাৰ কৰি থকাৰ সময়তে অলিৰ সচিবালয়ৰ ভিতৰৰ একাংশই স্বীকাৰ কৰিছে যে প্ৰচণ্ডৰ সৈতে আলোচনা হৈছে। আসন ভিত্তিক মিত্ৰতাৰ অধীনত ৰুকুম ইষ্ট আৰু অন্যান্য অঞ্চলত এনচিপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিব পাৰে ইউএমএলে, যাৰ বিনিময়ত এনচিপিয়ে ঝাপা-৫ত অলি আৰু ডাং-২ত পোখাৰেলক সমৰ্থন কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছে।
ইউএমএলৰ সাধাৰণ সম্পাদক পোখাৰেলে দলটোৱে নিজৰ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি এই প্ৰতিবেদনসমূহ খাৰিজ কৰিছে। ইফালে, ইউএমএলৰ উপ সভাপতি পৃথ্বী চুব্বা গুৰুঙেও এনচিপিৰ সৈতে তাৎক্ষণিক সমন্বয়ৰ কথা নুই কৰিছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে দেশজোৰা মিত্ৰতাৰ সম্ভাৱনা কম হ’লেও শীৰ্ষ নেতাসকলে পৰাজয়ৰ ভাবুকি অনুভৱ কৰিলে আসনৰ সীমিত সালসলনি সম্ভৱপৰ। বিশ্লেষক শ্যাম শ্ৰেষ্ঠই কয় যে ইতিহাসে দেখুৱাইছে যে যেতিয়া জ্যেষ্ঠ নেতাসকলে পৰাজয়ৰ সন্মুখীন হয় তেতিয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলেও মুখ বচাবলৈ মতানৈক্য আঁতৰাই ৰখাৰ প্ৰৱণতা থাকে যদিও এনে পদক্ষেপে জনসাধাৰণৰ আস্থা আৰু অধিক ক্ষতিগ্ৰস্ত কৰিব পাৰে।
জেন-জি আন্দোলনৰ পিছত অলিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ অন্যতম বিতৰ্কিত ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে, যাৰ ফলত সম্ভাৱ্য মিত্ৰসকলে নিৰ্বাচনী সমন্বয়ৰ প্ৰতি সতৰ্ক হৈ পৰিছে। পৰম্পৰাগত ক্ষমতাৰ গাঁথনিৰ বিৰুদ্ধে যুৱ ভোটাৰসকল ক্ৰমান্বয়ে সংগঠিত হোৱাৰ লগে লগে নিৰ্বাচনী প্ৰতিক্ৰিয়াৰ আশংকাত দলসমূহে ইউএমএলৰ সৈতে মিত্ৰতা হোৱাৰ পৰা সতৰ্ক হোৱা যেন লাগে।
নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হোৱাৰ লগে লগে এই পৰ্দাৰ আঁৰৰ আলোচনাই এক সুনিৰ্দিষ্ট নিৰ্বাচনী চুক্তিলৈ ৰূপান্তৰিত হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া