
কাঠমাণ্ডু, ০৫ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ ঝাপা ৫ সমষ্টিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বেলেন শ্বাহৰ নিৰ্বাচনী যোগাযোগ কাৰ্যালয় ভাঙি পেলোৱা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, ঝাপাৰ কমল গাঁও পৌৰসভাৰ বালেন শ্বাহৰ নিৰ্বাচনী যোগাযোগ কাৰ্যালয়ৰ খিৰিকী ফলক ভাঙি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত থিতাতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জিলা আৰক্ষী কাৰ্যালয় ঝাপাৰ আৰক্ষী অধীক্ষক বসুন্ধৰা খাডকাই কয় যে, আমি খিৰিকীৰ কাঁচ ভঙাৰ খবৰ পাইছো। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে।
৫ নং ঝাপা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰ এছ ভি পিৰ জ্যেষ্ঠ নেতা বেলেন শ্বাহে। এই সমষ্টিৰ পৰাই চি পি এন-এম এলৰ অধ্যক্ষ কে পি শৰ্মা অলিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই অঞ্চলটো নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা অত্যন্ত স্পৰ্শকাতৰ বুলি গণ্য কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া