বৰপেটা জিলাৰ আলোপতি শান্তিপুৰ গাঁৱত গাঞ্জা সহ যুৱকক গ্ৰেপ্তাৰ
বৰপেটা জিলাৰ আলোপতি শান্তিপুৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই গাঞ্জা জব্দ কৰাৰ লগতে এজন যুৱকক গ্ৰেপ্তাৰ।
বৰপেটা জিলাৰ আলোপতি শান্তিপুৰ গাঁৱত গাঞ্জা সহ যুৱকক গ্ৰেপ্তাৰ


বৰপেটা, ০৪ ফেব্ৰুৱাৰী (হি.স.): বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি শান্তিপুৰ গাঁৱত যোৱা কালি মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই গাঞ্জা জব্দ কৰাৰ লগতে এজন যুৱকক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত গাঁওখনৰ মজনুৰ আলী নামৰ লোকজনৰ ঘৰত অভিযান চলাই ৩.১২৯ কিলোগ্ৰাম শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মজনুৰ আলীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande