নিৰ্বাচনী সাহায্যৰ বাবে আৰু ২২৩খন বাহন নেপাললৈ প্ৰেৰণ ভাৰতৰ
কাঠমাণ্ডু, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ভাৰতে তৃতীয়টো বাহনৰ খেপ নেপাললৈ প্ৰেৰণ কৰিছে। এই চালানত ২২৩খন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। এই চালান ভাৰতীয় দূতাবাসৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। ভাৰতীয়
भारतीय दूतावास द्वारा प्रदान की गई गाड़ियां


কাঠমাণ্ডু, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ভাৰতে তৃতীয়টো বাহনৰ খেপ নেপাললৈ প্ৰেৰণ কৰিছে। এই চালানত ২২৩খন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। এই চালান ভাৰতীয় দূতাবাসৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি তৃতীয়টো চালানত আছে ১৫০খন মহিন্দ্ৰা স্ক’ৰপিঅ’ ডাবল কেব পিকআপ ট্ৰাক আৰু ৭৩খন মহিন্দ্ৰা বলেৰো ডাবল কেব পিকআপ ট্ৰাক। এইবোৰ নেপাললৈ অনা হৈছে।

পূৰ্বৰ খেপত ৬১খন বাহন আছিল, যিবোৰ ভাৰতীয় দূতাবাসে ২০ জানুৱাৰীত নেপাল চৰকাৰক গতাই দিছিল । ১৯০খন বাহনেৰে গঠিত দ্বিতীয় খেপ ২৭ জানুৱাৰীত হস্তান্তৰ কৰা হৈছিল। এই নিৰ্বাচনৰ বাবে ভাৰতে প্ৰায় ৬০০খন সৰু-বৰ বাহন নেপাললৈ যোগান ধৰিব বুলি খবৰ ওলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande