
নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতৰ ২০ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে ছুইডেনত চলি থকা প্ৰস্তুতি শিবিৰত স্থানীয় ক্লাবৰ বিৰুদ্ধে চাৰিখন প্ৰীতি মেচ খেলিব। এই মেচসমূহ এপ্ৰিল মাহত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এ এফ চি ২০ বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপ ২০২৬ৰ প্ৰস্তুতিৰ অংশ।
‘ইয়ং টাইগ্ৰেছ’ নামেৰেও পৰিচিত ভাৰতীয় দলটোৱে ১৯ ফেব্ৰুৱাৰীত হামাৰবি আই এফৰ ছিনিয়ৰ দলৰ বিৰুদ্ধে খেলিব।তাৰ পিছত ২২ ফেব্ৰুৱাৰীত টেবি এফ কে, ২৫ ফেব্ৰুৱাৰীত এনস্কেড আই কে ডেমৰ বিৰুদ্ধে আৰু ২৮ ফেব্ৰুৱাৰীত কাৰ্লবাৰ্গছ বি কেৰ বিৰুদ্ধে খেলিব।
৫ ফেব্ৰুৱাৰীত ছুইডেনত উপস্থিত হোৱা ভাৰতীয় ২০ বছৰ অনুৰ্ধ মহিলা দলটোৱে ষ্টকহ’মৰ সমীপৰ লিডিংগোৰ ব’ছন নেশ্যনেল স্প’ৰ্টছ চেণ্টাৰত প্ৰশিক্ষণ লৈ আছে। বিদেশী পৰিস্থিতিত এই প্ৰশিক্ষণ শিবিৰে খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে প্ৰস্তুতি চলোৱাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰিছে।
২০২৬ চনৰ এ এফ চি ২০ বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপৰ বাবে ভাৰতক গ্ৰুপ চিলৈ ড্ৰ’ কৰা হৈছে। ভাৰতীয় দলটোৱে ২ এপ্ৰিলত জাপান, ৫ এপ্ৰিলত অষ্ট্ৰেলিয়া আৰু ৮ এপ্ৰিলত চীনা টাইপেইৰ বিৰুদ্ধে গ্ৰুপ মেচ খেলিব।থাইলেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
ছুইডেনত ভাৰতৰ ২০ বছৰ অনুৰ্ধ মহিলা দলীয় প্ৰীতি মেচৰ সূচীঃ
১৯ ফেব্ৰুৱাৰী : ভাৰত ২০-অনূৰ্ধ্ব মহিলা বনাম হামাৰবি আই এফ (হামাৰবি স্প’ৰ্টছ গ্ৰাউণ্ড, ষ্টকহোম, ৬:৩০ বজাত আই এছ টি)
২২ ফেব্ৰুৱাৰী : ভাৰত ২০ বছৰ অনুৰ্ধ মহিলা বনাম টেবি এফ কে (বছন ৰাষ্ট্ৰীয় ক্ৰীড়া কেন্দ্ৰ, লিডিংগো)
২৫ ফেব্ৰুৱাৰী : ভাৰত ২০ বছৰ অনুৰ্ধ মহিলা বনাম এনস্কেডে আই কে ডেম (বছন ৰাষ্ট্ৰীয় ক্ৰীড়া কেন্দ্ৰ, লিডিংগো)
২৮ ফেব্ৰুৱাৰী : ভাৰত ২০ বছৰ অনুৰ্ধ মহিলা বনাম কাৰ্লবাৰ্গছ বি কে (বছন ৰাষ্ট্ৰীয় ক্ৰীড়া কেন্দ্ৰ, লিডিংগো)
এই মেচসমূহৰ জৰিয়তে ভাৰতীয় দলটোৱে এছিয়ান কাপত উন্নত প্ৰদৰ্শনৰ বাবে নিজৰ সংমিশ্ৰণ আৰু কৌশল চূড়ান্ত কৰাৰ চেষ্টা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া