
মেলবৰ্ণ, ১৯ ফেব্ৰুৱাৰী (হি.স.)। টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ দল নিৰ্বাচনৰ ওপৰত চকু ৰাখিছে। ইফালে দলৰ নিৰ্বাচক টনি ড’ডেমেইডে ষ্টিভ স্মিথৰ ভূমিকা সন্দৰ্ভত পৰিস্থিতি স্পষ্ট কৰি কয় যে তেওঁক কেৱল ‘কভাৰ’ হিচাপেহে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
২০০৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই মুকলি ৰাউণ্ডৰ বাহিৰলৈ আগবাঢ়িব নোৱাৰিলে। আইচিচি টি-২০ ৰেংকিঙত ১১ নম্বৰ স্থানত থকা জিম্বাবুৱেৰ বিৰুদ্ধে চাঞ্চল্যকৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ লগতে শ্ৰীলংকাৰ বিৰুদ্ধেও সম্পূৰ্ণ বিধ্বস্ত হয়। এই হতাশাজনক অভিযানৰ পিছত অষ্ট্ৰেলিয়াত দল নিৰ্বাচনৰ সন্দৰ্ভত চোকা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰথম অৱস্থাত ষ্টিভ স্মিথক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যাৰ ফলত এই বিতৰ্ক আৰু অধিক তীব্ৰতৰ হৈ পৰিছিল। পিছত তেওঁক মিচেল মাৰ্ছৰ কভাৰ হিচাপে মাতি অনা হয়, যিয়ে গ্ৰাইণ্ডৰ আঘাতৰ বাবে প্ৰথম দুখন মেচত অংশ ল’ব নোৱাৰিলে। ইয়াৰ পিছত জোছ হেজলউড আঘাতপ্ৰাপ্ত হোৱাৰ বাবে স্মিথক সলনি কৰা হয়। অৱশ্যে মাৰ্ছৰ উভতি অহাৰ পিছত স্মিথে খেলা একাদশত স্থান নাপালে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতি অনুসৰি টনি ড’ডেমেইডে কয় যে, আমি মূলতঃ স্মিথক শীৰ্ষ অৰ্ডাৰৰ কভাৰ হিচাপে লওঁ, আৰু সেয়া আছিল তেওঁৰ ভূমিকা। তৃতীয়খন মেচত মাৰ্ছ আৰু ট্ৰেভিছ হেডৰ যুটিয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, গতিকে পৰিৱৰ্তনৰ প্ৰয়োজন নাছিল।
শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত মাৰ্ছ আৰু ট্ৰেভিছ হেডে ৮.২ অভাৰত ১০৪ ৰানৰ দ্ৰুত অংশীদাৰিত্ব ভাগ কৰিছিল যদিও বাকী বেটছমেনসকলে গতি বজাই ৰাখিব নোৱাৰিলে, আৰু দলটোৱে ১৮১ ৰানত বল আউট হয়।গোটেই প্ৰতিযোগিতাখনতে কোনো অষ্ট্ৰেলিয়ান বেটছমেন শীৰ্ষ ৩০ ৰান সংগ্ৰহকাৰীৰ ভিতৰত নাছিল। মেট ৰেনশ্ব’ দলটোৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল যদিও শ্ৰীলংকাৰ মেচখনৰ বাবে তেওঁক বাদ দিয়া হৈছিল।
দলটোৰ দুৰ্বল বলিং আক্ৰমণে দলটোৰ প্ৰদৰ্শনতো প্ৰভাৱ পেলাইছিল, কিয়নো পেট কামিন্স, জোছ হেজলউড আৰু অৱসৰপ্ৰাপ্ত মিচেল ষ্টাৰকৰ অনুপস্থিতি অনুভৱ কৰা হৈছিল।
প্ৰাক্তন খেলুৱৈ মাৰ্ক ৱাফে ষ্টিভ স্মিথৰ প্ৰাৰম্ভিক বাদ পৰাটোক “অপমানজনক” বুলি অভিহিত কৰিছে। তেওঁ কয় যে নিৰ্বাচনৰ ভুল আৰু আঘাতে আৰম্ভণিৰে পৰাই অভিযানটোক জুৰুলা কৰিছিল। মেথিউ হেডেন আৰু গ্লেন মেকগ্ৰাথেও কেমেৰন গ্ৰীণক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে।
ড’ডেমেইডে স্বীকাৰ কৰে যে দলটোৰ প্ৰদৰ্শন হতাশাজনক আৰু ওমানৰ বিৰুদ্ধে চূড়ান্ত খেলখনৰ পিছত সমগ্ৰ অভিযানৰ বিশদ পৰ্যালোচনা কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া