বেংকিং কেলেংকাৰীত গ্ৰেপ্তাৰ পেৰাগুৱেৰ ৰাষ্ট্ৰপতি চেণ্টিয়াগো পেনা, পেড্ৰ’ ইলিয়ানাৰ ক্ষমতা দখল
আছুনচিয়ন, ০৭ নৱেম্বৰ (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ পেৰাগুৱেত বেংকিং কেলেংকাৰীৰ ফলত সৃষ্টি হৈছে বৃহৎ ৰাজনৈতিক সংকট। বিত্তীয় সংকট আৰু উয়েনো বেংকত সংঘটিত হোৱা অভিযোগৰ পিছত ৰাষ্ট্ৰপতি চেণ্টিয়াগো পেনাক অভিযোগনামাৰ জৰিয়তে কাৰ্যভাৰৰ পৰা অপসাৰণ কৰা হয়
पैराग्वे के राष्ट्रपति पेड्रो एलियाना


আছুনচিয়ন, ০৭ নৱেম্বৰ (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ পেৰাগুৱেত বেংকিং কেলেংকাৰীৰ ফলত সৃষ্টি হৈছে বৃহৎ ৰাজনৈতিক সংকট। বিত্তীয় সংকট আৰু উয়েনো বেংকত সংঘটিত হোৱা অভিযোগৰ পিছত ৰাষ্ট্ৰপতি চেণ্টিয়াগো পেনাক অভিযোগনামাৰ জৰিয়তে কাৰ্যভাৰৰ পৰা অপসাৰণ কৰা হয়। শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতি পেড্ৰ’ ইলিয়ানাই দেশৰ ৫৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। এই পৰিঘটনাই পেৰাগুৱেত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ইংৰাজী ভাষাৰ চেনেল আল জাজিৰাৰ মতে, শুকুৰবাৰে পেৰাগুৱেৰ ৪৫ জনীয়া চেনেটে ৰাষ্ট্ৰপতি পেনাক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰিবলৈ ভোটদান কৰে। ৪৪ জন চিনেটৰে অভিযোগনামাৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে এজনে ভোটদানৰ পৰা বিৰত থাকে। ইয়াৰ পূৰ্বে নিম্ন সদন চেম্বাৰ অৱ ডিপুটিয়েও ৭৮-০ ভোটত অভিযোগনামাৰ সমৰ্থন জনাইছিল।

নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত পেনাই ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ কৃতজ্ঞতাৰে গুচি গৈছে আৰু এই বিষয়ত এতিয়াও উত্তৰৰ বাবে অপেক্ষা কৰি থকাসকলৰ যন্ত্ৰণা বুজি পাইছে।

পেৰাগুৱেৰ ৰাজনৈতিক সংকটৰ কাৰণ হৈছে উয়েনো বেংকৰ বিত্তীয় সংকট। মঙলবাৰে দেশৰ কেন্দ্ৰীয় বেংকে ঘোষণা কৰে যে উয়েনো বেংকে বিত্তীয় স্থিতিশীলতাৰ সৈতে জড়িত আইনী মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ ফলত ইয়াৰ লাখ লাখ গ্ৰাহকৰ জমা ধন, একাউণ্ট, পেঞ্চনৰ ধন পৰিশোধৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে। প্ৰায় ৩০ লাখ গ্ৰাহকৰ সৈতে এই বেংকে পেৰাগুৱেৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশক সেৱা আগবঢ়াইছিল। জমা ধনৰ ভিত্তিত ই দেশৰ পঞ্চম বৃহত্তম বেংক হিচাপে পৰিগণিত হৈছিল।

এই কেলেংকাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি পেনাৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ২০২৩ চনত তেওঁক উয়েনো বেংকৰ মূল কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰ হিচাপে চিনাক্ত কৰা হয়। অৱশ্যে পেনাই ২০২৫ চনৰ আৰম্ভণিতে নিজৰ শ্বেয়াৰ বিক্ৰী কৰা বুলি দাবী কৰে।

চৰকাৰী সংযোগ আৰু ৰাজনৈতিক প্ৰভাৱে বেংকটোক নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ পৰা ৰক্ষা কৰিছিল নেকি সেই বিষয়ে তদন্তকাৰী সংস্থাসমূহে তদন্ত কৰি আছে। চৰকাৰী পেঞ্চন পুঁজিৰ পৰাও প্ৰায় ৩৫৫ মিলিয়ন ডলাৰ বেংকটোত বিনিয়োগ কৰা হৈছিল। এই গোচৰৰ সৈতে জড়িত পেৰাগুৱেৰ কেন্দ্ৰীয় বেংকৰ প্ৰাক্তন মুৰব্বী কাৰ্লোছ কাৰ্ভালোৰ বাবেও গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। বেংকত তদাৰকীৰ দায়িত্বত ব্যৰ্থ হোৱাৰ অভিযোগ। এই সপ্তাহত তেওঁ পদৰ পৰা পদত্যাগ কৰে। এই কেলেংকাৰীৰ তদন্তত কমেও ২৭জন লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন কৰা হৈছে, য’ত বেংকটোৰ প্ৰধান শ্বেয়াৰহোল্ডাৰ মিগেল ভাস্কেজো আছে। এই তদন্তত প্ৰৱঞ্চনা, আস্থা ভংগ, ধনৰ অপব্যৱহাৰ, প্ৰভাৱৰ অপব্যৱহাৰ আদি অভিযোগ সামৰি লোৱা হৈছে।

যি সময়ত পেৰাগুৱেই তীব্ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, সেই সময়তে পেড্ৰ’ ইলিয়ানাই ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰে। এতিয়া তেওঁ বেংকিং ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা ঘূৰাই অনা, গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা, আৰু কেলেংকাৰীৰ ন্যায্য তদন্ত নিশ্চিত কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। প্ৰাক্তন ৰাষ্ট্ৰপতি পেনাই তদন্তত সহযোগিতা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁৰ উপস্থিতিয়ে দেশত আৰু অধিক ৰাজনৈতিক অস্থিৰতা বা বিভাজনৰ সৃষ্টি কৰাটো তেওঁ নিবিচাৰে বুলিও কয়।

--------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande