
তেহৰাণ, ০৭ নৱেম্বৰ (হি.স.)। ইৰাণ আৰু আমেৰিকাৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বৃহৎ দাবী উত্থাপন কৰিছে। আই আৰ জি চিৰ মতে, ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই হৰমুজ জলদ্বীপৰ কেছম দ্বীপৰ ওপৰত আমেৰিকাৰ এম কিউ-১ চোৰাংচোৱা আৰু যুদ্ধ ড্ৰ’ন ধ্বংস কৰি পেলাইছে। ইৰাণে দাবী কৰিছে যে এইখনেই হৈছে ইয়াৰ এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰা ১৬ সংখ্যক আমেৰিকাৰ এম কিউ-১ ড্ৰ’ন।
আই আৰ জি চিৰ জনসংযোগ কাৰ্যালয়ৰ উদ্ধৃতি দি ইৰাণৰ চৰকাৰী আন্তৰ্জাতিক সংবাদ নেটৱৰ্ক প্ৰেছ টিভিয়ে শুকুৰবাৰে কয় যে ইৰাণৰ মহাকাশ বাহিনীৰ দ্বাৰা পৰিচালিত অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আমেৰিকাৰ ড্ৰ’নখনক লক্ষ্য কৰি লৈছে। এই ব্যৱস্থা ইৰাণৰ সংহত বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ ভিতৰত চলি থাকে। বিবৃতিটোত কোৱা হৈছে যে ইৰাণৰ সেনাই শত্ৰুৰ বিমান কাৰ্যকলাপ, চোৰাংচোৱাগিৰি, ড্ৰ’ন বিমানৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড কমাণ্ডাৰ ব্ৰেড কুপাৰকো লক্ষ্য কৰি আই আৰ জি চিয়ে কয় যে আমেৰিকাৰ গোপন অভিযান অব্যাহত থকা বিফলতাই তেওঁৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
ইয়াৰ পূৰ্বে বুধবাৰে আই আৰ জি চিয়ে কেছম দ্বীপৰ ওপৰত আমেৰিকাৰ এম কিউ-১ ড্ৰ’ন ধ্বংস কৰা বুলি দাবী কৰিছিল। সেই সময়ত এনেধৰণৰ ১৫ সংখ্যক ড্ৰ’ন ধ্বংস হোৱা বুলি খবৰ ওলাইছিল। এম কিউ-১ প্ৰিডেটৰ হৈছে জেনেৰেল এটমিক্সৰ দ্বাৰা নিৰ্মিত আমেৰিকাৰ ৰিম’ট নিয়ন্ত্ৰিত গোপনীয়তা আৰু যুদ্ধ বিমান। ই দীৰ্ঘ দূৰত্বৰ উৰণ আৰু মধ্যমীয়া উচ্চতাত চোৱাচিতা কৰিবলৈ সক্ষম।
২০১৮ চনত আমেৰিকাৰ বায়ুসেনাই নিজৰ এমকিউ-১ প্ৰিডেটৰ বহৰ অৱসৰ লয় আৰু ইয়াৰ ঠাইত অধিক আধুনিক এমকিউ-৯ ৰিপাৰ ড্ৰ’ন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
ইৰাণ আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে হৰমুজ জলদ্বীপ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে। ই বিশ্বৰ অন্যতম প্ৰধান সামুদ্ৰিক বাণিজ্যিক পথ, যাৰ মাজেৰে বিশ্বৰ তেল যোগানৰ এক বৃহৎ অংশ পাৰ হৈ যায়।
ইৰানে দাবী কৰিছে যে এই সামুদ্ৰিক অঞ্চলৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ নৌসেনা আৰু আই আৰ জি চি দায়বদ্ধ। তেহৰানে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা জাহাজসমূহৰ ওপৰত চোৰাংচোৱাগিৰি আৰু নিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিও দিছে।
বৰ্তমান ইৰানে আমেৰিকাৰ ড্ৰ’ন গুলীয়াই পেলোৱাৰ দাবীৰ কোনো স্বতন্ত্ৰ নিশ্চয়তা আমেৰিকাৰ পৰা হোৱা নাই। এই ঘটনাই অঞ্চলটোৰ দুয়োখন দেশৰ মাজত সামৰিক সংঘাত বৃদ্ধি পোৱাৰ আশংকা আৰু অধিক বৃদ্ধি কৰিছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ