নেপালত আজি কাগ তিহাৰ উদযাপন, কাউৰীক সুস্বাদু খাদ্য আগবঢ়াই পূজা
কাঠমাণ্ডু, ০৭ নৱেম্বৰ (হি.স.)। নেপালত শনিবাৰে পুৱা কাউৰীক সুস্বাদু খাদ্য প্ৰদান কৰি উদযাপন কৰা হৈছে কাগ তিহাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি কাউৰীক মৃত্যু আৰু ন্যায়ৰ দেৱতা যমৰাজৰ দূত বুলি গণ্য কৰা হয়। কাগ তিহাৰ তেৰ তাৰিখে (ত্ৰয়োদশী) পালন কৰা হয়
नेपाल में मनाया जाने वाला काग तिहार


কাঠমাণ্ডু, ০৭ নৱেম্বৰ (হি.স.)। নেপালত শনিবাৰে পুৱা কাউৰীক সুস্বাদু খাদ্য প্ৰদান কৰি উদযাপন কৰা হৈছে কাগ তিহাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি কাউৰীক মৃত্যু আৰু ন্যায়ৰ দেৱতা যমৰাজৰ দূত বুলি গণ্য কৰা হয়। কাগ তিহাৰ তেৰ তাৰিখে (ত্ৰয়োদশী) পালন কৰা হয়। ই যমপঞ্চক নামেৰে জনাজাত পোহৰৰ উৎসৱ তিহাৰৰ পাঁচদিনীয়া উৎসৱৰ অংশ।

নেপাল আলমানাক সিদ্ধান্ত উন্নয়ন সমিতিৰ অধ্যক্ষ ড° পুৰুষোত্তম ভট্টৰায়ে ধর্ম শাস্ত্ৰ অনুযায়ী ত্ৰয়োদশীৰ পুৱা কাগ তিহাৰ উদযাপন কৰিব লাগে বুলি উল্লেখ কৰে। এই বিশ্বাসৰ ভিত্তিত আজি কাগ তিহাৰ উদযাপনৰ সিদ্ধান্ত লোৱা হৈছে।

এই উপলক্ষে কাগেশ্বৰী মনোহৰা পৌৰসভাৰ কাগেশ্বৰী মহাদেৱ মন্দিৰত বিশেষ প্ৰাৰ্থনা কৰা হৈছে। একেদৰে হনুমান্ধোকাৰ কাগেশ্বৰী মন্দিৰতো কাউৰীক বিশেষ প্ৰাৰ্থনা কৰা হয়।

তিহাৰ উৎসৱৰ আঁৰৰ ধৰ্মীয় বিশ্বাস যে যমৰাজে বেয়া কাম কৰাসকলক শাস্তি দিয়ে, আনহাতে তেওঁ ভাল কাম কৰাসকলক ৰক্ষা কৰিবলৈ ধৰ্মৰাজৰ ৰূপ লয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande