
ৱাশ্বিংটন, ০৭ নৱেম্বৰ (হি.স.)। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আমেৰিকাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত গোপনীয় তথ্য প্ৰদান কৰা ব্যক্তিক আমেৰিকা চৰকাৰে ২ কোটি ডলাৰ বা প্ৰায় ১৬৬ কোটি ₹ পুৰস্কাৰৰ প্ৰস্তাৱ দিছে। এই তথ্য প্ৰদান কৰা ব্যক্তিজনক প্ৰয়োজন হ’লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ সুযোগো প্ৰদান কৰিব পাৰে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ড বা চেন্টকমে।
বাংলাদেশৰ ইংৰাজী ভাষাৰ দৈনিক কাকত দ্য ডেইলী ষ্টাৰ-এ সদৰি কৰিছে যে চেন্টকমে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল যে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ৰিৱাৰ্ডচ ফৰ জাৰ্টিছ কাৰ্যসূচীয়ে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত জটিল তথ্য বিচাৰিছে। ইয়াৰ ভিতৰত পাৰমাণৱিক স্থান, সঁজুলি, কাৰ্য্যকলাপ, আৰু পাৰমাণৱিক বিজ্ঞানীকে ধৰি জড়িত ব্যক্তিৰ তথ্যও অন্তৰ্ভুক্ত।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মতে, এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে এনে তথ্য আহৰণ কৰা যিয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ইয়াৰ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। এই বাউন্টি প্ৰগ্ৰেমটো ১৯৮৪ চনত আৰম্ভ কৰা হৈছিল।ইয়াৰ উপৰিও কোৱা হৈছে যে ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সুৰক্ষা নিয়মসমূহ অমান্য কৰাৰ বাবে ইৰাণৰ উৎপাদন আৰু জটিল সঁজুলিৰ মজুত, যেনে চেণ্ট্ৰিফিউজৰ নিৰন্তৰ নিৰীক্ষণৰ সৈতে জড়িত তথ্যৰ অভাৱ।
কিন্তু আমেৰিকা প্ৰশাসনে এই দুই কোটি ডলাৰৰ পুৰস্কাৰ লাভ কৰিবলৈ প্ৰয়োজনীয় তথ্যৰ স্তৰ স্পষ্ট কৰা নাই। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ দাবী কৰিছে যে ইৰানে যুদ্ধৰ অন্ত পেলাবলৈ চুক্তি বিচাৰে। শুকুৰবাৰে নিশা ফ্ল’ৰিডাৰ ৱেষ্ট পাম বিচত তেওঁ কয় যে যদিহে আমেৰিকাই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক আক্ৰমণ নকৰিলেহেঁতেন তেন্তে ইজৰাইলৰ অস্তিত্ব বিপদত পৰিব পাৰিলেহেঁতেন।
ট্ৰাম্পে কয় যে আমি তেওঁলোকৰ সৈতে বৰ্তমান আলোচনাত মিলিত হৈ আছো। তেওঁলোকে অতি নিকৃষ্ট চুক্তি কৰিব বিচাৰে। তেওঁ লগতে দাবী কৰে যে আমেৰিকাৰ সামৰিক কাৰ্য্যই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ যথেষ্ট ক্ষতিসাধন কৰিছে। ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এই সপ্তাহত কয় যে তেওঁৰ চৰকাৰে আলোচনাৰ জৰিয়তে সংকট সমাধানৰ চেষ্টা চলাইছে। শত্ৰুতা পুনৰ আৰম্ভ হোৱাৰ আশংকাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীসকলে কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
ইয়াৰ পূৰ্বে ট্ৰাম্পে মধ্য ইৰাণৰ সন্দেহযুক্ত পাৰমাণৱিক কেন্দ্ৰ পিকাক্স মাউণ্টেনৰ কথা উল্লেখ কৰিছিল। কিন্তু ইৰাণে তাত কোনো ধৰণৰ পাৰমাণৱিক সুবিধাৰ অস্তিত্ব অস্বীকাৰ কৰিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia