ৰাছিয়াৰ দাবী মতে নিশাটোৰ ভিতৰতে ১২৪৬খন ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস, অস্ত্ৰ কঢ়িয়াই অনা চাৰি ৰে’লৱে ইঞ্জিনতো আক্ৰমণ
মস্কো, ২৮ নৱেম্বৰ (হি.স./ৰিয়ো নোবোস্তি)। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ বিমান আক্ৰমণৰ ফলত তীব্ৰতৰ হৈ পৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে দাবী কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই নিশাটোৰ ভিতৰতে চলা অভিযানৰ সময়ত দেশৰ বিভি
सांकेतिक


মস্কো, ২৮ নৱেম্বৰ (হি.স./ৰিয়ো নোবোস্তি)। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ বিমান আক্ৰমণৰ ফলত তীব্ৰতৰ হৈ পৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে দাবী কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই নিশাটোৰ ভিতৰতে চলা অভিযানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত ১২৪৬খন ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰে। তদুপৰি ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ তিনিটা অঞ্চলত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি কঢ়িয়াই অনা চাৰিটা ৰে’লৱে ইঞ্জিনক লক্ষ্য কৰি লৈছিল।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত কয় যে যোৱা নিশা বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ১২৪৬খন ফিক্সড উইং মানৱবিহীন বিমান (ড্ৰ’ন)ক বাধা দি ধ্বংস কৰে। এই ড্ৰ’নসমূহ ব্ৰাইয়ানস্ক, বেলগ’ৰড, কুৰ্স্ক, অৰিঅ’ল, স্মোলেনস্ক, ভ’ৰনেজ, কালুগা, টুলা, ৰষ্টভ, ভলগোগ্ৰাড, চাৰাটভ, আৰু চামাৰা অঞ্চলৰ ওপৰেৰে নিক্ষেপ কৰা হৈছিল। ক্ৰাছনোডাৰ টেৰিটৰী, মস্কো অঞ্চল, ক্ৰিমিয়া, বাছকিৰিয়া আদিতো ড্ৰোন ধ্বংস হোৱাৰ দাবী কৰা হৈছে।

ইফালে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আন এক বিবৃতিত কয় যে তেওঁলোকৰ সেনাই নিশাটোৰ ভিতৰতে চলা অভিযানৰ সময়ত ইউক্ৰেইনৰ চাৰিখন ৰে’লৱে ইঞ্জিনক লক্ষ্য কৰি লৈছিল। মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ইঞ্জিনসমূহৰ সহায়ত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সামগ্ৰী পৰিবহণ কৰা হৈছিল। ৰাছিয়াৰ সেনাই এই আক্ৰমণসমূহ ড্নিপ্ৰ’পেট্ৰভস্ক অঞ্চলৰ চিনেলনিকোভ’, জিট’মাইৰ অঞ্চলৰ ক’ৰষ্টেন আৰু খাৰ্কিভ অঞ্চলৰ লিউব’টিনত সংঘটিত কৰিছিল।

ৰাছিয়াই দাবী কৰিছে যে সামৰিক সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা চাৰিখন ৰেলৱে ইঞ্জিন এই স্থানসমূহত লক্ষ্য কৰি লোৱা হৈছিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande