
কাবুল, ২৮ নৱেম্বৰ (হি.স.)। আফগানিস্তানৰ পূব কুনাৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ সমীপত শনিবাৰে পুৱা সংঘটিত হোৱা এক শক্তিশালী বিস্ফোৰণত ৬ গৰাকী ছাত্ৰ-ছাত্ৰী নিহত হোৱাৰ লগতে ৯৭ জন আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বিষয়াসকলৰ মতে, মৃত্যু আৰু আঘাতৰ পৰিসংখ্যা প্ৰাৰম্ভিক আৰু তদন্তৰ পিছত সলনি হ’ব পাৰে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰাৰ মতে, কুনাৰ প্ৰাদেশিক চিকিৎসালয়ৰ মুৰব্বী মৌলা দাদে কয় যে এই বিস্ফোৰণত ৬ জন ছাত্ৰ নিহত হোৱাৰ বিপৰীতে ৯৭ জন ছাত্ৰ আহত হৈছে। আহতসকলৰ চিকিৎসা চলি আছে আৰু এইবোৰ প্ৰাৰম্ভিক পৰিসংখ্যা।
কুনাৰৰ তথ্য আৰু সংস্কৃতি বিভাগৰ সঞ্চালক মৌলভি ছামি-উল-হকৰ মতে, শনিবাৰে পুৱা প্ৰায় ১০ বজাত পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশৰ চেৰ অঞ্চলৰ এখন মধ্যবিদ্যালয়ৰ ওচৰত অৱস্থিত এটা ঘৰত এই বিস্ফোৰণ সংঘটিত হয়। বিষয়াসকলৰ মতে, বিস্ফোৰণ সংঘটিত হোৱা ঘৰটো খনন কামত জড়িত লোকে ব্যৱহাৰ কৰিছিল। খবৰ অনুসৰি খননত ব্যৱহৃত বিস্ফোৰক সামগ্ৰী তাত মজুত কৰা হৈছিল।
কিন্তু বিস্ফোৰণৰ সঠিক কাৰণ আৰু ইয়াত ব্যৱহৃত সামগ্ৰী সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰা হোৱা নাই। এই ঘটনাৰ ফলত হোৱা মুঠ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত এতিয়াও কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা নাই স্থানীয় প্ৰশাসনে।
পাকিস্তানৰ সীমান্তৱৰ্তী কুনাৰ প্ৰদেশত ঘটনাস্থলীত উপস্থিত হৈছে তদন্তকাৰী দল। বিস্ফোৰণৰ কাৰণ আৰু দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব পাৰে বুলি প্ৰশাসনে কয়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ আগষ্ট মাহত ৰাজধানী কাবুলৰ এখন বিদ্যালয় চৌহদত হেণ্ড গ্ৰেনেড আক্ৰমণ সংঘটিত হৈছিল আৰু ৯ৰ পৰা ১৪ বছৰ বয়সৰ ৪০ জনতকৈ অধিক শিশু আহত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া