শ্ৰম মন্ত্ৰালয় আৰু এন এইচ এ আইৰ মাজত শ্ৰম সংহিতা ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে চৰ্চা
শ্ৰম সংহিতা ৰূপায়ণ শক্তিশালী কৰাৰ বাবে এন এইচ এ আইৰ সৈতে মুখ্য শ্ৰম আয়ুক্ত (কেন্দ্ৰীয়)ৰ বৈঠক নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে শ্ৰম সংহিতা ৰূপায়ণ শক্তিশালী কৰাৰ বাবে মুখ্য শ্ৰম আয়ুক্ত (কেন্দ্ৰীয়)ৰ এক
मुख्य श्रम आयुक्त और एनएचएआई के बैठक की जारी तस्वीर


मुख्य श्रम आयुक्त और एनएचएआई के बैठक की जारी तस्वीर


- শ্ৰম সংহিতা ৰূপায়ণ শক্তিশালী কৰাৰ বাবে এন এইচ এ আইৰ সৈতে মুখ্য শ্ৰম আয়ুক্ত (কেন্দ্ৰীয়)ৰ বৈঠক

নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে শ্ৰম সংহিতা ৰূপায়ণ শক্তিশালী কৰাৰ বাবে মুখ্য শ্ৰম আয়ুক্ত (কেন্দ্ৰীয়)ৰ এক বৈঠক অনুষ্ঠিত হয়।

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে শনিবাৰে জাৰি কৰা এক বিবৃতিত কয় যে শ্ৰম সংহিতা ৰূপায়ণ শক্তিশালী কৰাৰ লগতে অংশীদাৰসকলৰ সৈতে আলোচনা বৃদ্ধিৰ বাবে মুখ্য শ্ৰম আয়ুক্তই (কেন্দ্ৰীয়) এন এইচ এ আইৰ সৈতে আলোচনাত মিলিত হয়। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ মুখ্য শ্ৰম আয়ুক্তৰ (কেন্দ্ৰীয়) কাৰ্যালয়ৰ উদ্যোগত দিল্লীৰ দ্বাৰকাৰ শ্ৰামেভ জয়তে ভৱনত অনুষ্ঠিত হয় এই বৈঠক।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মুখ্য শ্ৰম আয়ুক্ত (কেন্দ্ৰীয়) আৰু আই এ এছ বিষয়া সোনাল মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখন। বৈঠকত শ্ৰম সংহিতা, ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণ, সমন্বয় শক্তিশালী কৰা, আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ বিষয়ে আলোচনা কৰা হয়। শ্ৰম সংহিতাৰ অধীনত আইনী অনুসৰণৰ সুবিধাৰ বাবে ঠিকাদাৰ আৰু উপ-ঠিকাদাৰৰ বাবে স্থানীয় পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ অভিযান চলোৱাকে ধৰি কেইবাটাও মূল বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰম সংহিতাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ সুবিধা, অনুসৰণ নিশ্চিত কৰা, আৰু প্ৰতিষ্ঠানিক সমন্বয় শক্তিশালী কৰাৰ বাবে মুখ্য শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে (কেন্দ্ৰীয়) বিভিন্ন মন্ত্ৰালয়, বিভাগ, আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সৈতে অনুষ্ঠিত কৰি থকা ধাৰাবাহিকভাৱে মুখামুখি যোগাযোগৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হৈছিল।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সভাত প্ৰতিনিধিত্ব কৰে চি. সিনহা, চিজিএম, প্ৰশাসন বিভাগ, তেওঁৰ দলৰ সৈতে। মুখ্য শ্ৰম আয়ুক্তৰ (কেন্দ্ৰীয়) কাৰ্যালয়ৰ সকলো উচ্চপদস্থ বিষয়াইও এই বৈঠকত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande