ভাৰত আৰু ডেনমাৰ্কৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ
ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ লোকে ৰাছমুচেনক সাক্ষাৎ বাণিজ্য মন্ত্ৰী গোৱেলৰ নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰত আৰু ডেনমাৰ্কে দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। শনিবাৰে এই কথা ঘোষণ
डेनमार्क के विदेश मंत्री, लार्स लोक्के रासमुसेन से मुलाकात करते वाणिज्य मंत्री गोयल


डेनमार्क के विदेश मंत्री, लार्स लोक्के रासमुसेन से मुलाकात करते वाणिज्य मंत्री गोयल


- ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ লোকে ৰাছমুচেনক সাক্ষাৎ বাণিজ্য মন্ত্ৰী গোৱেলৰ

নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰত আৰু ডেনমাৰ্কে দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। শনিবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে।

গোৱেলে এক্সত এটা পোষ্টত লিখিছে যে ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ লোকে ৰাছমুচেনক লগ পাই তেওঁ আনন্দিত হৈছে। তেওঁ কয় যে তেওঁ লাৰ্ছ লোকে ৰাছমুচেনৰ সৈতে বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত-ডেনমাৰ্কৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকে দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সম্প্ৰসাৰণ, ব্যৱসায়িক সম্পৰ্ক গভীৰ কৰা, আৰু পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ বিচাৰি উলিওৱাৰ বিষয়েও আলোচনা কৰে।

বিশেষকৈ নবীকৰণযোগ্য শক্তি, সেউজ প্ৰযুক্তি, সামুদ্ৰিক সহযোগিতা, বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সংযোগ বৃদ্ধি পোৱাৰ সময়তে দুয়োখন দেশৰ মাজত এই কথা-বতৰা হৈছে।

চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোছিয়ে ডেনমাৰ্কৰ বাণিজ্য আৰু প্ৰতিযোগিতা মন্ত্ৰী মাৰ্টিন লিডেগাৰ্ডৰ সৈতে ‘ভাৰত নবীকৰণযোগ্য শক্তি সন্মিলন ২০২৬’ৰ সময়ত আলোচনা কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande