
নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পূৰ্ণ হোৱাৰ পথত আছে। ইয়াক চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াই এতিয়া গঢ় লৈ উঠিছে।
‘ভাৰত ঋণ মূলধনী বজাৰ সন্মিলন ২০২৬’ ভাৰ্চুৱেল ভাবে সম্বোধন কৰি গোৱেলে এই মন্তব্য কৰে। তেওঁ কয়, আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। চুক্তিখন চূড়ান্ত কৰাত সদায় বাধাৰ সৃষ্টি কৰা প্ৰক্ৰিয়া আৰু পথ এতিয়া আগবাঢ়িছে।
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি সম্পূৰ্ণ হোৱাৰ অগ্ৰসৰ হৈছে। গোৱেলে কয় যে চুক্তিখন চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া আৰু কাঠামো এতিয়া গঢ় লৈ উঠিছে। তেওঁৰ ভাষণত তেওঁ আলোকপাত কৰে যে ভাৰতে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজতো কেনেদৰে আগবাঢ়িছে, সংস্কাৰ ৰূপায়ণ আৰু অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ লগতে বিশ্ব অংশীদাৰৰ সৈতে সহযোগিতাৰ জৰিয়তে বৃদ্ধিৰ বিস্তৃত সুযোগো প্ৰদান কৰিছে।
তেওঁ লগতে কয় যে ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফটিএ) চলিত বৰ্ষৰ শেষৰ ফালে স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে । অহা বছৰৰ মাৰ্চ বা এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী হ’ব পাৰে বুলি গোৱেলে কয়। তেওঁ লগতে কয় যে অৰ্থনৈতিক তথ্যই এই প্ৰচেষ্টাসমূহৰ সফলতা প্ৰতিফলিত কৰে।
শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে গোৱালৰ এই বক্তব্য প্ৰকাশ কৰিছে। উৎপাদন খণ্ডত কথিত “গাঁথনিগত অতিৰিক্ত উৎপাদন ক্ষমতা”ৰ তদন্তৰ পিছতে আমেৰিকা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে। কিন্তু ভাৰত চৰকাৰে এই অভিযোগক শুদ্ধভাৱে নাকচ কৰি কয় যে দেশৰ কোনো খণ্ডতে এনে কোনো অতিৰিক্ত ক্ষমতা নাই।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে ঋণ মূলধন বজাৰ সন্মিলনৰ বিষয়বস্তু কেটেলিষ্টছ, কেপেক্স এণ্ড ক্ৰেডিটকো প্ৰশংসা কৰি কয় যে ভাৰতৰ বৃদ্ধিৰ কাহিনীত মূলধন, বিনিয়োগ আৰু বিশ্বাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বণ্ড বজাৰ, ঋণ বজাৰ, আৰু মূলধনী বজাৰ মৌলিকভাৱে বিনিয়োগকাৰীৰ আস্থাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে আৰু এই আস্থাই ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ সূচনা কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ